Rupaliparda.com
মানস ৰবীনৰ নতুন ছবি "সোণপোনা"- 1

মানস ৰবীনৰ নতুন ছবি “সোণপোনা”-

অসমীয়া ছবিগৃহলৈ আহিবলৈ সাজু হৈছে সংগীতশিল্পী মানস ৰবীনৰ চিত্ৰনাট্যৰে লিখি উলিওৱা এখন নতুন ছবি “সোণপোনা”। মৰাপাটৰ খেতিৰ মাজত চিত্ৰনাট্য লিখি থকা অৱস্থাত বিগত কিছুদিন পূৰ্বে এখন ফটো শ্বেয়াৰ কৰিছিল শিল্পী গৰাকীয়ে। তেওঁ নিজেও জনাই যে, অক্টোবৰ মাহৰ পৰা এই ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰি আগন্তুক ২০২১ বৰ্ষৰ জানুৱাৰী মাহলৈ ছবিখন দৰ্শকৰ মাজলৈ লৈ আনিব। একাধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা গায়ক মানস ৰবীন অসমীয়া সংগীত জগতৰ এগৰাকী লেখত ল’বলগীয়া শিল্পী। ১৯৯৯ চনত মানস ৰবীনে লাভ কৰিছিল “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছৰ ফিল্ম এৱাৰ্ড”। ১৯৯৫ চনত মুক্তিপ্ৰাপ্ত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ পেলোৱা মানস ৰবীন পিছলৈ “এন কে প্ৰডাকচন” ৰ সৈতে জড়িত হৈ পৰে। উক্ত প্ৰডাকচন হাউচটোৰ পৰাই তেওঁ সংগীত জীৱনৰ কিছু নতুন মূৰ লাভ কৰিবলৈ সক্ষম হয়। মানস ৰবীন আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ যি যুগলবন্দী; সেয়া সেইটো সময়ত অসমীয়া সংগীত প্ৰেমী ৰাইজৰ বাবে খুব সুন্দৰ অনুভৱ আছিল বুলি ক’ব পৰা যায়।উল্লেখ্য যে, বিগত দিনত হোৱা “কা” বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে আগভাগ লৈছিল এই গৰাকী শিল্পীয়ে। প্ৰত্যেকখন আন্দোলনত বিতৰ্কিত এই আইনখনক লৈ মাত মাতিছিল শিল্পী মানস ৰবীনে।

মানস ৰবীনৰ নতুন ছবি "সোণপোনা"- 2


ইয়াৰ উপৰিও, ক’ভিডৰ ফলত বিগত বৰ্ষত হোৱা “লক-ডাউন” ৰ পিছত এই সংগীতশিল্পী গৰাকীয়ে দুখীয়া তথা প্ৰয়োজনীয় সকলক সহায় আগবঢ়াইছিল। টকাৰে বৰঙণি আগবঢ়োৱাৰ সমান্তৰালকৈ খাদ্য বস্তু বিতৰণ কৰিও তেওঁ সহায় কৰিবলৈ আগবাঢ়িছিল সকলোৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.