আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনাত নিৰ্মিত ‘বেলকনিত ভগৱান’ৰ সফলতাৰ খবৰে আমাক আনন্দ দিছে।আপোনাক অভিনন্দন জনাইছো। কিন্তু আমি দোমোজাত আছো — সফলতাক লৈ। গতিকে প্ৰথমে সফলতাৰ ব্যাখ্যা বিচাৰিছো।
বিশ্বজিত : ধন্যবাদ। চিনেমা খনৰ সফলতা বিফলতাৰ মাপকাঠি নিৰ্নয় কৰিবলৈ কিছুদিনৰ প্ৰয়োজন হব বুলি ভাবো, যিহেতু এই ছবিখন নিৰ্মান কৰা হৈছিল এটা নিদিষ্ট পৰিকল্পনা আগত ৰাখি, সেই হিচাপত ইয়াৰ পৰিসমাপ্তি ঘটা নাই। নিৰ্মানৰ পিছতেই ছবি খন আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱত পঠিওৱাৰ বাবে ব্যবস্থা হৈছিল। সেইমতে আমি আশা কৰিছিলো ‘WORLD PREMIERE’ এটা ভাল মহোৎসৱত হওক, তেনেদৰেই ‘কলকাতা আন্ত:ৰাস্ত্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ যোগেদি আৰম্ভ হৈছিল আৰু আমাৰ পৰিকল্পনা মতেই ছবি খন পৃথিৱীৰ বিভিন্ন ঠাইত নিৰ্বাচিত হৈ না না সন্মান বুটলি আছে। যিহেতু বহু কেইখন ৰাষ্ট্ৰত আমি যোৱাৰ সুবিধা লাভ কৰিছিলো, কিন্তু ক’ৰোণা মহামাৰীৰ বাবে সেইয়া সম্ভৱ নহল, সেইয়া আমাৰ বাবে হৈ পৰিল অতিকৈ দুৰ্ভাগ্যজনক। কাৰন এখন আগশাৰীৰ মহোৎসৱত পৃথিৱীৰ না না DISTRIBUTION COMPANY লগ কৰাৰ এটা পৰিবেশ সৃষ্টি হয় আৰু ছবি খন বিভিন্ন দেশৰ TERITORY ত বিক্ৰীৰ এক সুবিধা হোৱাৰ সম্ভাবনা বোৰ আমি কিছু হলেও হেৰুৱালো কৰুনাৰ বাবে। তথাপিও আমি ‘বেলকনিৰ ভগৱান’ৰ overseas কথা চলিছে আৰু খুব সোনকালে জনাব পাৰিম। ছবি খন আন্ত:ৰাষ্ট্ৰিয় ভাবে সফল এইবাবেই হৈছে, যিহেতু কাহিনী ভাগত যি দেখুৱাব বিছাৰিছো, সেইয়া বৰ্তমান ক’ৰোণাৰ বাবে পৃথিৱীৰ বহু লোকে এনে পৰিষ্টিতিক হৃদয়ংগম কৰিব পাৰিব আৰু ইয়াৰ চৰিত্ৰ বোৰ RELATE কৰিব পাৰিব। সেই হিছাপত এজন কাহিনীকাৰ আৰু পৰিচালক হিচাপে আমি খুবেই সফলতা পাইছো। কিন্তু নিজে সম্পুৰ্ণ সফল হোৱা বুলি তেতিয়া ভাবিম ,যেতিয়া প্ৰযোজকে ছবিত লগোৱা পইচা খিনিৰ উপৰিও কিছু পইছা বেছিকৈ পায়। সেয়েহে ‘বেলকনিত ভগৱান’ ৰ এই যাত্ৰা শেষ হোৱা নাই, ছবি খন সৰ্বভাৰতীয় পৰ্য্যায়ত জনপ্ৰিয় হৈছে, সেইবাবে খুব ভাল এটা খবৰ আহিব বুলি আমি বিশ্বাস ৰাখিছো।
আমাৰ প্ৰশ্ন : পূৰ্বে অসমীয়া চিনেমাই দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত ইমান গুৰুত্ব পোৱা নাছিল।২০১৯ -২১ সময় চোৱাত যিমান পাইছে! — এই ধাৰণা শুদ্ধ নে ? শেহতীয়া ভাবে একাংশ ‘প্ৰচাৰ মাধ্যম’ত এনে ধাৰণা নিৰ্মাণ কৰা হৈছে — অসমীয়া চিনেমাৰ মান বহু বাঢ়িছে। সেয়েহে অসমীয়া চিনেমাৰ গুৰুত্ব দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত বাঢ়িছে বুলি কোৱা হৈছে। আপোনাৰ ধাৰণাত এই ধাৰণা কিমান শুদ্ধ ?
বিশ্বজিত : আগৰ সময় খিনিত পৰিবেশ বেলেগ আছিল, যোগাযোগৰ পৰিৱেশ নাছিল, ইণ্টাৰ নেট নাছিল। বহু কষ্টৰ বলত যি সকলে এই সফলতা লাভ কৰিছিল সেইয়া ধন্যবাদ আৰু সন্মানৰ যোগ্য। পিছে আজিৰ পৃথিৱীখন যিহেতু বিশ্বায়েনে কাষ চাপি আনিলে, সেইবাবে আৰম্ভ হ’ল সৰু ডাঙৰ বহু চলচ্চিত্ৰ মহোৎসৱৰ। সেই সমুহত আজিকালি কিছু পইচা খৰছ কৰিয়েই অংশগ্ৰহন কৰিব পাৰি, তাৰেই প্ৰায় ৫,০০০ ৰ অধিক এনে চলচ্চিত্ৰ মহোৎসৱ অনুষ্টান আছে যি বোৰ অনুষ্টিত কৰা হয় মাহে মাহে, এনে মহোৎসৱো আছে, যি বোৰত আজিয়েই অংশগ্ৰহন কৰি কাইলৈ এটা এৱাৰ্ড পাবলৈ সক্ষম হয়। কিছুমান এনে চলচ্চিত্ৰ মহোৎসৱ আছে, সেইবিলাকত কোনো ধৰনৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ সুবিধা নাই, মাত্ৰ তেওলোকে ‘Official Selection’ আৰু কিছুমান মাত্ৰ ‘Award’ দি তাতে সমাপ্ত কৰে, তাৰ বাবদ তেওঁলোকে এটা পইছা লয়। কিন্তু এই মহোৎসৱ বোৰত অংশগ্ৰহন কৰি আত্মসন্তুষ্টিৰ বাদে অন্য একো লাভ নহয় । কিন্তু আজিকালি ‘সামাজিক মাধ্যম’বোৰৰ যোগেদি সেইয়া প্ৰচাৰ কৰি ছবি খনৰ বিষয়ে ৰাইজক জনোৱা হয় ঠিকেই কিন্তু সেইয়া সামগ্ৰিক ভাবে ‘এখন চলচ্চিত্ৰ সমাজ অথবা উদ্যোগ’ ৰ মানদণ্ড বাঢ়িছে বুলি কলে ভুল হব। প্ৰচাৰ মাধ্যমত সেইয়া বাতৰি যুগুতোৱা সকলে আৰু বাতৰি পঢ়া সকলেও বুজি উঠিব লাগে যে কোনটো মহোৎসৱ কি বা কি মানদণ্ডৰ। এটা বাতৰি পৰিবেশন কৰাৰ আগতে আজিকালি এটা মিনিটৰ ভিতৰতে নিজৰ ‘স্মাৰ্ট’ ফোনৰ যোগেদি সেইয়া ভালকৈ খুছৰি চালেই ওলাই পৰে।
মোৰ ধাৰণাত দেশ বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমাৰ উন্নতি তেতিয়াহে দেখিম যেতিয়া কাৰিকৰী মানদণ্ড, কাহিনীৰ উপস্থাপন, সামগ্ৰিক পৰিকল্পনাৰে পৰিপুষ্ট এখন অসমীয়া ছবিয়ে বিদেশৰ ‘A CLASS’ ফেষ্টিভেলত অন্তৰ্ভুক্ত হয় । আৰু দৰ্শক ৰাইজৰ মন জয় কৰে।
আমাৰ প্ৰশ্ন : প্ৰসংগক্ৰমে এগৰাকী পৰিচালকে ক’লে — কোনো এটা মহোৎসৱৰ জুৰি এগৰাকীয়ে হেনো ক’লে , তেওঁৰ অসমীয়া চিনেমা খন ‘পথেৰ পাঁচালী’ৰ পৰ্যায়ৰ। আমাৰ প্ৰশ্ন : অসমীয়া চিনেমাই যদি ‘পথেৰ পাঁচালী’ৰ পৰ্যায় পাইছে , দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে পকেটৰ ধন খৰচ কৰিবলৈ বাধ্য হৈছে কিয়?
বিশ্বজিত : মোৰ বাবে সেইয়া সপোন এক সপোন, আমি তেনে চিনেমা দেখা নাই আজিৰ তাৰিখত। সেই তুলনা অমুলক আৰু তাক লৈ শান্তি লভিলে আমি যে কিমান পিছলৈ গুছি গৈ আছো সেইয়াই প্ৰমান কৰে, এই একবিশং শতিকাত পৃথিৱীৰ বিভিন্ন চলচ্চিত্ৰ সমুহ চাই এটা কথায়ে বুজিছো — আমি কি পৰ্যায়ত আছো, আমি বেলেগ নেলাগে, কাষৰে বাংলাদেশৰ দুখন মান চলচ্চিত্ৰ চালেই গম পাম যে, সেই পৰ্যায় পাবলৈ আমি যে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । সহজতে বাহ বাহ লোৱাৰ প্ৰবনতা আৰু মই বৰ এক মনোবৃতিৰ বাবেই আজি আমি বেছি আগবাঢ়িব পৰা নাই। — দেশ – বিদেশৰ চলচ্চিত্ৰ মহোৎসৱৰ প্ৰায় মহোৎসবতেই অন্তভুক্তিৰ বাবে এটা ‘FEES’ লোৱা হয়, কেতিয়াবা বিভিন্ন সমস্যা বা পইছাৰ অসুবিধাৰ কাৰন দৰ্শালে অথবা কাহিনী বা ছবিৰ এটা সম্ভাৱনা দেখিলে মহোৎসৱৰ ফালৰ পৰা কেতিয়াবা ‘Fees’ টো ‘Waived off’ কৰি দিয়ে নিৰ্মাতা জনক। আকৌ ছবি খনে যদি এটা বিশেষ চৰ্চা লাভ কৰে, তেতিয়া বিভিন্ন মহোৎসৱে নিজেই আমন্ত্ৰন দিয়ে। আমাৰ ‘বেলকনিত ভগৱানে”ও তেনেদৰে আমন্ত্ৰন পাইছে। কিন্তু আমি ভাবো – চলচ্চিত্ৰ মহোৎসৱত ছবি প্ৰদৰ্শন কৰিবলৈ ছবি নিৰ্মাতা জনৰ পৃথিৱীৰ বিভিন্ন SALES, MARKETING & DISTRIBUTION ৰ কোম্পানী বোৰৰ লগত সম্পৰ্ক স্থাপন হয়, ভাব বিনিময় হয় আৰু তাৰ ফলত ছবি খনৰ OVERSEAS বেছিবলৈ সুবিধা হয়। সেইয়া অসমীয়া ছবিৰ ক্ষেত্ৰত খুবেই কম হৈছে, সেইয়া সম্ভব হলে, প্ৰযোজকৰ হাতলৈ এটা ভাল অংশ আহিব।
আমাৰ প্ৰশ্ন : আজিৰ তাৰিখত অসমীয়া চিনেমাৰ ‘বিকল্প বজাৰ’ কেনেদৰে চিন্তা কৰিব পাৰি ?
বিশ্বজিত : আমি ভাবো চিনেমাৰ কাহিনী, অভিনয়ৰ লগতে কাৰিকৰী মানদণ্ড ভাল হব লাগিবই, সেইয়া কৰিবলৈ হলে – ছবি ভাল ধৰনে নিৰ্মান কৰিবলৈ জনা মানুহ হব লাগিব, আৰু সেই চলচ্চিত্ৰ খনত থকা ‘প্ৰডাক’ টোক বেছিবলৈ মাৰ্কেটিং জ্ঞান এজন প্ৰযোজকৰ থাকিব লাগিব। আজি কালি চিনেমা বেচা মেলাৰ বিভিন্ন উপাই আৰু পথ আছে, সেই বোৰ গ্ৰহন কৰিবলৈ নিজৰ সময়ৰ লগতে ‘MARKETING STRATEGIES’ বনাব লাগিব। টকা থাকিলেই অকল লোকৰ ওপৰত এৰি দি ‘টকা গলেও যাব, মোক সমাজত নামহে লাগে’ জাতীয় প্ৰযোজক আমাক নেলাগে আৰু সেইবোৰে গৈ ‘সমগ্ৰ চিনেমা জগত’ খনকে ক্ষতি কৰে। লগতে চৰকাৰৰ এটা ডাঙৰ ভুমিকা লাগিব । কিন্তু আমি আচৰিত হওঁ — প্ৰায় দলৰে চৰকাৰ নহওক কিয় , চিনেমা জনা মানুহৰ হাতত নিৰ্দিষ্ট বিভাগটো নাথাকে । আমাৰ ধাৰণাত অসমীয়া চিনেমাৰ উন্নতিৰ বাবে প্ৰয়োজন –
১) মিনি চিনেমা হল।
২) Marketing strategies
৩) চিনেমাৰ কাৰীকৰি দিশ উন্নীত কৰন।
৪) Visionary producers
৫) ভাল online platforms .
আমাৰ প্ৰশ্ন : আপোনাৰ পৰিচালনা শৈলীক আপুনি কেনেদৰে বিশ্লেষন কৰিব ?
বাশ্বজিত : আমি শিকি আছো। শেহতিয়াকৈ বাহিৰৰ চিনেমা বোৰ বেছিকৈ চাইছো। নিজৰ শৈলী যে ইমান পিছ পৰি আছে, সেইয়া কেনেকৈ পৰবৰ্তি সময়ত নাইকিয়া কৰিব পাৰো, তাৰে চেষ্টাত আছো ।
আমাৰ প্ৰশ্ন : দেশ – বিদেশৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হোৱা , বঁটা পোৱা ৭ লাখ টকা বাজেটৰ ‘ হালধীয়া চৰায়ে বাঁও ধান খায় ‘ -এ ১ কোটি টকাৰো বেছি ব্যৱসায় কৰিছিল । ১৯ ৮৭ – ১৯৮৮ চনত । শেহতীয়া ভাবে ২৫ – ৫০ টা চলচ্চিত্ৰ মহোৎসৱ ‘ জয় ‘ কৰা অসমীয়া চিনেমা কেইখনে ১০ হাজাৰো টকাও ব্যৱসায় কৰিব পৰা নাই কিয় ?
বিশ্বজিত : এই প্ৰশ্নৰ উওৰ বহু খিনি আমি আগত দিছো। সেইসময়ৰ পৰিবেশ বেলেগ আছিল। আজিৰ তাৰিখত এটি ‘A’ লিষ্ট ফেস্তিভেলত প্ৰায় ১০,০০০ হাজাৰ সৰু বৰ চিনেমাৰ ‘এণ্টি’ হয়, আৰু তাৰ ভিতৰত মাত্ৰ ২০০/৩০০ খন চিনেমাৰ ‘অফিছিয়েল অন্তৰ্ভুক্তি’ হয়। সেইবোৰ মহোৎসৱলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ ‘SALES, MARKETING & DISTRIBUTION’ ৰ মানুহ আহে, সেইবোৰ মানুহক আকৰ্শিত কৰিবলৈস অথবা তেওঁলোকক সেই চিনেমা খনৰ কথা জনাবলৈ আগবাঢ়ি যাব লাগিব, কথা হব লাগিব আৰু সেইয়া কৰিবলৈ পইচাৰো কথা আহিব। ঠিক তেনেকৈ আজি কালি বহু ‘INDEPENDENT CINEMA’ ৰ কাহিনী, চিত্ৰনাট্যৰ সময়ৰ পৰাই বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত আয়োজন কৰা ‘ফিল্ম বজাৰ’ বোৰত অন্তৰ্ভুক্ত হবলৈ সুবিধা পায়, যাৰ ফলত সেইবোৰ ‘STEP BY STEP’ এই চলচ্চিত্ৰ মহোৎসৱ বোৰত অন্তৰ্ভুক্তি হবলৈ বাট বোৰ খোল খাই গৈ থাকে, লগতে ফেস্তিভেল বোৰৰ ‘প্ৰগেমাৰ’ বোৰৰ চকুত সেইবোৰ চিনেমাই আগস্থান পাই, তাৰ লগতে সেই সময়তেই ‘এজন INTERNATIONAL SALES AGENT’ ৰ যদি অন্তৰ্ভুক্তি হয়, তেতিয়া চিনেমা খন ‘SECURE’হৈ পৰে আৰু যথেষ্ট পইছা ঘটিবলৈও সমৰ্থ হয়। কৈছোঁ – প্ৰকৃত প্ৰদৰ্শনৰ ব্যবস্থা থকা ‘ভাল মহোৎসৱ’ বোৰৰ কথা। আৰু টকা সেইবাবে ঘটাৰ সম্ভৱনা নথকা নহয়। কিন্তু বাকী কিছুমান মহোৎসৱলৈ ২০/৩০ টা নেলাগে ১০০ টাত গ’লেও বিশেষ একো লাভ নহয় , মাত্ৰ সেইয়া লোকেল মিডিয়াত জনপ্ৰিয় কৰি নিজৰ ঠাইত এটা ভাল ‘ৰিলিজ’ দিয়াৰ বাদে।
আমাৰ প্ৰশ্ন : আমাৰ ধাৰণাত অসমত আজিৰ তাৰিখতো ‘চিনেমা’ৰ শুদ্ধ ধাৰণাৰে চিনেমাৰ বিশুদ্ধ চৰ্চা হয় বুলি কব নোৱাৰি। ফলত ‘অসমীয়া চিনেমা’ৰ ক্ষতি হোৱা নাই নে?
বিশ্বজিত : একেবাৰে সছাঁ । আৰু পোনপটিয়া কৈ কবলৈ গলে অসমত ‘লবি কেন্দ্ৰিক’ চিনেমাৰ ৰাজনীতি হয়। আমি এইটোও শুনো যে – লোকেল মাৰ্কেটত বিফল বহু ব্যক্তিয়ে ‘নেচনেল এৱাৰ্ড, ইণ্ডিয়ান পেনোৰামাত’ যথেষ্ট প্ৰভুত্ত খটুৱাই পট পৰিবৰ্তন কৰে। কিন্তু তেওঁলোকৰ প্ৰভাব অসমীয়া ৰাইজৰ মাজত নাই! আচলতে নিজে কৰিব নোৱাৰি আনৰ ‘কাম বোৰ’ সহ্য নহৈ মনৰ মাজত থকা সেই ‘FRUSTRATION’ টোৰ বাবেই কিছু মান চিনেমাৰ লগত জড়িত ব্যক্তিয়ে এইবোৰ কাম কৰে। মই ভাবো চিনেমা নিৰ্মাতা হবলৈ প্ৰথম এজন ভাল মানুহ আৰু অনুভৱি ব্যক্তি হব লাগিব । আমি তথাপি আশাবাদী, নতুন প্ৰযন্ম আজি অতিকৈ ‘সৃষ্টিশীল’, তেওঁলোকক ভালকৈ আগবঢ়াই নিলে আমাৰ ‘অসমীয়া চিনেমা’ ৰ বাট সোনালী হব।
আমাৰ প্ৰশ্ন : ভাৰতীয় চিনেমা ‘ মজবুট হোৱাৰ আঁৰত এক চিনেশক্তিয়ে পৰিশ্ৰম কৰিছিল । এক চিনেশক্তিৰ নাম — ‘ কলিকতা ফিল্ম ছোচাইটি ‘। ১৯৪৭ চনত সত্যজিৎ ৰায়ৰ নেতৃত্বত স্থাপিত হৈছিল । উদেশ্য নিৰ্মল চিনে চৰ্চাৰে চিনেশিল্পৰ উত্তৰণৰ পথ প্ৰসস্থ কৰা । সংবাদ মাধ্যমত বা আন কোনো মাধ্যমত হোৱা ‘ভুল চিনে চৰ্চা’ৰ বিৰুদ্ধেও ‘কলিকতা ফিল্ম ছোচাইটি’য়ে ঠিয় দিছিল। আজি অসমতো এনে ধৰণৰ ‘ফিল্ম ছোচাইটি’ৰ প্ৰয়োজন। — আপুনি কি কয় ?
বিশ্বজিত : অসমীয়া চিনেমাৰ চিন্তাৰ উওৰনৰ বাবে আমি কিবা কৰাৰ মানসেৰে যদি আমি এটা অনুষ্টান জন্ম দিও আৰু সেইয়া ব্যক্তিগত আক্ৰোশৰ এক আশ্ৰয় নহৈ এক সাৱলীল আৰু সকলোৰে গ্ৰহনযোগ্য অনুষ্টান হয়, যাৰ ফলত আমাৰ অসমীয় চিনেমাৰ প্ৰসাৰ আমি দেখিব পাৰো। অসমত আমি এনে এক সুষ্ঠিৰ চিনে চৰ্চা কৰা অনুষ্ঠান আশা কৰো যি ভাল চিনে চিন্তাৰে পৰিপুষ্ট হৈ নতুন প্ৰজন্মক আগুৱাই লৈ যাব পাৰে।
Add comment