Rupaliparda.com
এগৰাকী নাৰীৰ নিষ্ঠা, সততা আৰু বিদ্ৰোহৰ কাহিনীৰে 'লখিমী', ইতিমধ্যে মুকলি ট্ৰেইলাৰঃ 1

এগৰাকী নাৰীৰ নিষ্ঠা, সততা আৰু বিদ্ৰোহৰ কাহিনীৰে ‘লখিমী’, ইতিমধ্যে মুকলি ট্ৰেইলাৰঃ

এগৰাকী নাৰীৰ বৰ্তমান প্ৰেক্ষাপটত স্থিতি কি সেয়া আচলতে আপোনালোকক পুনৰ বাৰ হয়টো বুজাই দিয়াৰ প্ৰয়োজন নাই। প্ৰায় প্ৰতিটো দিশতে আত্মনিৰ্ভৰ আৰু দৃঢ় এওঁলোক। নিজ কৰ্মোদ্যেম, সাহস, নিষ্ঠা আৰু একাগ্ৰতাৰে এওঁলোকে সমাজত এক সুন্দৰ নিদৰ্শন দাঙি ধৰাৰ লগতে সমাজৰ সামগ্ৰিক দিশটোৰ উন্নতিৰ ক্ষেত্ৰটো উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। মহিলা সবলীকৰণৰ দিশটোক লৈ বিশেষকৈ এই আমাৰ ৰাজ্যখনত সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া আমি আহো, মনোৰঞ্জন ক্ষেত্ৰখনলৈ। নাৰীকেন্দ্ৰিক বহু অসমীয়া ছবিয়ে ইতিমধ্যে দৰ্শক সকলৰ পৰা বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে, কাহিনীসমূহে সংযোগো কৰিছে প্ৰত্যেককে। ৰাজনৈতিক ক্ষেত্ৰখনত এগৰাকী নাৰীয়ে কি ভূমিকা গ্ৰহণ কৰি কেনেধৰণৰ সাল-সলনি কৰে, এই আটাইবোৰ ঘটনাক কেন্দ্ৰ কৰি চলিত মাহৰ ২৪ তাৰিখে মুক্তি পাবলগীয়া এখন ছবি “লখিমী” ৰ ট্ৰেইলাৰে শেহতীয়াকৈ লাভ কৰিছে মুক্তি। বিগত বহু দিনৰ অপেক্ষাৰ অন্তত, ছবিখন ডিজিটেল প্লেটফৰ্ম যোগে মুক্তি লাভৰ বাবে সাজু হৈ উঠিছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত পৰিচালক বিশ্বজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ ট্ৰেইলাৰটোৰ জৰিয়তে এক কথা স্পষ্টকৈ ক’ব পাৰি যে ইয়াত গ্ৰাম্য অঞ্চলৰ ৰাজনৈতিক প্ৰেক্ষাপটত সংঘটিত হোৱা ঘটনাসমূহক ভেটি হিচাবে লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে।


এগৰাকী স্বামী নিজ স্বাৰ্থলোভৰ বাবে নিজ পত্নীক ৰাজনৈতিক মেৰপাকত সোমোৱাই তেওঁৰ ইচ্ছানুসৰি কৰ্ম সম্পাদন কৰি যাবলৈ বাধ্য কৰোৱায়। কিন্তু, নিষ্ঠা আৰু সততাৰে জনতাৰ স্বাৰ্থত কাম কৰিবলৈ বিচৰা মুখ্য চৰিত্ৰ ‘লখিমী’ য়ে ইয়াৰ পূৰ্ণ প্ৰতিবাদ কৰে আৰু ৰাইজক এখন সুন্দৰ আৰু সবল সমাজ দিয়াৰ স্বাৰ্থত আগবাঢ়ি যাবলৈ বিচাৰে। এই নিষ্ঠা আৰু সততাৰে আগবাঢ়িবলৈ বিচৰা লখিমীয়ে সফলতা অৰ্জনৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে বহুখিনি ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’বলগীয়া হয়। ছবিখনৰ কাহিনী ক্ৰমশ আগবাঢ়ে আৰু ‘লখিমী’ ৰ সমুখত তেওঁ স্বামীৰ কলা অধ্যায়ৰ এটা এটাকৈ প্ৰতিটো পৃষ্ঠা খোল খাই গৈ থাকে। পৰৱৰ্তী সময়ত, ‘লখিমী’ য়ে কেনেদৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব সেয়া চাবলৈ আপোনালোকে ২৪ ছেপ্টেম্বৰ তাৰিখে ছবিখন উপভোগ কৰিব লাগিব moviesaints.com ত। ছবিখনত ‘লখিমী’ ৰ চৰিত্ৰ ৰূপায়ণ কৰিছে লভা হাজৰিকা চিৰলাই। ইয়াৰ লগতে, এই ছবিখনত তথা পোন প্ৰথমবাৰৰ বাবে অভিনয় জগতখনৰ সৈতে সাঙুৰ খাইছে ৰাজ্যৰ ৰাজনৈতিক দিশটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা মন্ত্ৰী অতুল বৰা।


মহেশ চিৰলাৰৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত আন চৰিত্ৰসমূহত অভিনয় কৰিছে ক্ৰমে অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ, পৃথ্বীৰাজ ৰাভা, অৰুণ বৰা, বিনোদলাল দাস, দীনেশ গগৈ, জ্যোতিৰূপা বৰা, অজয় ভৰালী, প্ৰবীণ দাস, ৰাগিনী বৰাকে আদি কেইবাগৰাকীও ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে। লগতে, পৰিচালক দীনেশ গগৈৰ কন্যা স্বাধীনতা গগৈক প্ৰথমবাৰৰ বাবে ছবিখনত দেখিবলৈ পাব দৰ্শকে আৰু ইয়াৰ উপৰিও পোন প্ৰথমবাৰৰ বাবে মুম্বাইস্থিত অসম সন্তান মডেল গীতাৰ্থ বৰাই অভিনয় কৰিছে উক্ত ছবিখনত। ৯৪ মিনিট দৈৰ্ঘ্যৰ “লখিমী” ৰ প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্বত আছে অসীম শইকীয়া।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform