Rupaliparda.com
ট্ৰোলক প্ৰতিউত্তৰ ফাৰহান আখতাৰৰঃ 1

ট্ৰোলক প্ৰতিউত্তৰ ফাৰহান আখতাৰৰঃ

ফিল্ম ইণ্ডাষ্ট্ৰীত এনে কোনো তাৰকা নাই যিয়ে ট্ৰোলৰ পৰা হাত সাৰিব পাৰিছে। ট্ৰোল আৰু এই তাৰকা সকলৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক আছে। কেতিয়াবা নিজৰ পিন্ধনৰ বাবে অথবা কেতিয়াবা অভিনয়ৰ বাবে তাৰকাসকল ট্ৰোলৰ সন্মুখীন হৈ আহিছে। শেহতীয়াকৈ, ফাৰহান আখতাৰ আৰু আৰবাহ খানৰ এটা ভিডিঅ’ আপলোড কৰা হৈছে য’ত ফাৰহান আখতাৰক কৰা ট্ৰোলসমূহ পঢ়ি শুনোৱা হৈছিল, এই ট্ৰোলসমূহত ফাৰহান আখতাৰৰ কণ্ঠৰ ওপৰত সমালোচনা কৰা হয়। এই ভিডিঅ’টো আৰবাজ খানৰ PinchByArbaazKhan চিজন ২ ৰ আহিবলগীয়া খণ্ডৰ আছিল। ফাৰহান আখতাৰে এইবাৰ নিজৰ ট্ৰোলক স্পষ্ট উত্তৰ দিছে। তেওঁক দিয়া ট্ৰোলটো আছিল এনেধৰণৰ “ফ্লপ হিৰো’ তেওঁ, কেৱলমাত্ৰ এখন ছবিহে চলিছে তেওঁৰ। সেয়াও মিলখা সিং দেৱৰ নামত”। ইয়াৰ প্ৰতিউত্তৰত ফাৰহানে কয় যে, “ফ্লপ হিৰো’ৰ দ্বাৰা আপুনি মিলখা সিং দেৱৰ কাহিনী চাবলৈ পালে, মই তাতেই সুখী।”

উল্লেখ্য যে, মিলখা সিঙৰ ছবিখনত অভিনয় কৰাৰ বাবদ অভিনেতা ফাৰহান আখতাৰে বিচাৰিছিল মাত্ৰ ১ টকা।আপোনালোকৰো হয়টো কথাষাৰ বিশ্বাস হোৱা নাই নহয়নে? কিন্তু এয়াই হৈছে সঁচা; অৱশ্যে এই ১ টকাৰ নোটখনৰো আছে এক বিশেষ বৈশিষ্ট্য। এই ১ টকাৰ নোট খন ১৯৫৮ চনৰ আছিল; যেতিয়া মিলখা সিঙে ৰাষ্ট্ৰমণ্ডল খেল সমূহত স্বতন্ত্ৰ ভাৰতৰ বাবে স্বৰ্ণ পদক লাভ কৰিছিল। তেনেক্ষেত্ৰত, সেই সময়ৰ ১ টকীয়া নোট খন লাভ কৰি ফাৰহান আখতাৰ আৱেগিক হৈ পৰিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform