Rupaliparda.com
প্ৰিয়ংকা ভৰালী আৰু সুবীৰ কুমাৰ বৰুৱাৰ নতুন গীত "শ্ৰুতি গুঞ্জন"- 1

প্ৰিয়ংকা ভৰালী আৰু সুবীৰ কুমাৰ বৰুৱাৰ নতুন গীত “শ্ৰুতি গুঞ্জন”-

“মনকোঁৱৰ” গীতটিৰ বহুল সফলতাৰ পিছত এটি নতুন গীতৰ সৈতে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। “শ্ৰুতি গুঞ্জন” শীৰ্ষক এটি নতুন গীতৰ জৰিয়তে ৰাইজৰ কাষ চাপিছে কণ্ঠশিল্পী গৰাকী; গীতটিৰ কথা আৰু সুৰ কৰিছে সুবীৰ কুমাৰ বৰাই লগতে ইয়াত তেওঁ প্ৰিয়ংকা ভৰালীৰ সৈতে দ্বৈতভাৱে কণ্ঠদানো কৰিছে। গীতটিত সংগী দিছে পল্লৱ তালুকদাৰে। সংগীত ক্ষেত্ৰখনত পল্লৱ তালুকদাৰৰ ইতিমধ্যে এক সুকীয়া চিনাকী গঢ় লৈ উঠিছে। তেওঁৰ গীতসমূহে প্ৰাধান্য লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰোতা-দৰ্শকৰ ওচৰত। ইয়াত শব্দ-সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়াই, আনহাতে ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাৰ। পৰিচালনা ক্ষেত্ৰখনত এক সুকীয়া চিনাকী লাভ শচীনৰ পৰিচালনাৰে নিৰ্মিত ভিডিঅ’ সমূহ বহুলভাৱে সমাদৃত। ভিডিঅ’সহ ১০ ছেপ্টেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই গীতটিত অভিনয় কৰিছে কিশোৰ দাস আৰু য়াশাশ্ৰী ভূঞাই, দৃশ্যগ্ৰহণ বিতুল দাস আৰু উত্তম কলিতাৰ। সম্পাদনা মানস কাশ্যপৰ। নৱপ্ৰজন্মৰ প্ৰতিভাৰ সৈতে যুটীয়াভাৱে আহিবলগীয়া এই গীতটিৰ বাবে বৰ্তমান অপেক্ষাৰত সংগীতপ্ৰেমী শ্ৰোতা।

https://www.instagram.com/p/CTeOHjLq8dk/?utm_source=ig_web_copy_link


২০০৯ চনতে তেওঁ এই সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি সোমাই পৰিছিল; তেওঁৰ প্ৰথমটো গীত আছিল “জানমণি” ভিচিডিৰ “কাহিলী পুৱাতে জান ঐ”। ইয়াৰ পিছৰ পৰাই তেওঁ কেইবাটাও গীতত কন্ঠদান কৰি শ্ৰোতাক গুণমুগ্ধ কৰি তুলছিল। ইয়াৰ ভিতৰত আছিল “চেঁচা পৰি যাব নিদিবা”, “অকুৱা পকুৱা”, “হেভি হেণ্ডচাম”, টেক্সি গাড়ী” লৈ ইত্যাদি। মিলিয়নৰ অংকত ভিউৱাৰচ তেওঁৰ প্ৰতিটো গীতত। বিগত বৰ্ষত তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “এধানি কলিজা” শীৰ্ষক গীতটিয়ে লাভ কৰিছে অনুৰাগীৰ বহুল সমাদৰ লগতে ক্ষন্তেকতে ই চচিয়েল মিডিয়াত লাভ কৰিছিল বহুল চৰ্চা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform