একোটা সংগীতে যেতিয়া আমাৰ হৃদয়ত প্ৰশান্তি ঢালে তেতিয়া আমি উৎসাহিত হওঁ, উৎফুল্লিত হোৱাৰ সমান্তৰালকৈ গীতটিৰ প্ৰতি আমি আগ্ৰহী হওঁ। শেহতীয়াকৈ অভিনয় ক্ষেত্ৰখনৰ এটি বহু প্ৰত্যাশিত যুটিৰ সৈতে সংগীতক্ষেত্ৰখনত মুক্তি লাভ কৰা এটি নতুন গীতে খলকনিৰ সৃষ্টি কৰিছে। ‘তোমাৰেই লগত’ শীৰ্ষক এই গীতটিত অভিনয় কৰিছে উৎপল দাস আৰু প্ৰিয়ম পল্লৱীয়ে। গীতটিত কণ্ঠদান কৰিছে বণ্টি দলে আৰু ভাৰ্গৱ দলে। সুৰ তথা সংগীতৰ লগতে গীতটিৰ প্ৰযোজনা ত্ৰিয়ন মহন্তৰ। স্বামী ভৃগু কাশ্যপৰ প্ৰায় প্ৰতিটো গীতৰ ভিডিঅ’তেই দেখিবলৈ পোৱা এই গৰাকী অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ অনুৰাগীৰ শাৰীখন সঁচাকৈ দীঘলীয়া। শেহতীয়াকৈ প্ৰিয়ম পল্লৱী আৰু উৎপল দাসৰ এই যুটিটোৰ অভিনয়েৰে মুকলি হোৱা গীতটিত শিল্পীদ্বয়ৰ অনুৰাগীয়ে কমেণ্টেৰে যথেষ্ট ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। “লাজে লাজে”, “সুন্দৰী পমিলা” কে ধৰি “মণি বৌ”, “মানুহজনী মেইন” ইত্যাদি ভৃগু কাশ্যপৰ গীতসমূহত প্ৰিয়ম পল্লৱী আৰু ভৃগুৰ যুঁটিটোৰ প্ৰশংসাও কৰিছে প্ৰত্যেকে। তেওঁলোকে যুঁটীয়াভাৱে “Vreeyam Collection” নামে এটা বেণ্ডৰ মুকলি কৰিছিল। অৱশ্যে, জনপ্ৰিয়তা লাভ কৰিছিল বেণ্ডটোৱে।

আনহাতে, উৎপল দাসৰ অসমীয়া প্ৰথমখন ছবি আছিল “ধন কুবেৰৰৰ ধন”; ইয়াৰ পিছতেই তেওঁ জনপ্ৰিয় পৰিচালক মুনীন বৰুৱাৰ সৈতেও কাম কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, একাংশ ভিচিডি আৰু অসমীয়া ছবিত অভিনীত উৎপল দাসে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে।
Add comment