“শিল্পী” শব্দটোৱে যাৰ নামৰ সৈতে লগ হোৱা পিছতেই ই লাভ কৰে এক সুকীয়া বৈশিষ্ট্য। এখন শুদ্ধ আৰু নিকা সমাজ গঢ়াৰ স্বাৰ্থত ভূপেন হাজৰিকাই গীত গাইছিল: ৰচিছিল সেইবোৰ গীত য’ত নাছিল কোনো ধৰণৰ শোষণকাৰীৰ পৰ্যালোচনা লগতে নাছিল কোনো জাতিভেদ। শ্ৰেণী বৈষম্যৰ বিৰুদ্ধে সাম্যবাদী সমাজ গঢ়াৰ আস্থা হৈছে শিল্পীগৰাকীৰ প্ৰগতিবাদী চিন্তা-চেতনাৰ এটি বিশেষ দিশ। অসম ৰত্ন,সংগীত সূৰ্য্য আদি অনেক বিভূষণেৰে সন্মানিত,অসম সাহিত্য সভাৰ সভাপতি, ভাৰতীয় চলচিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা বিজয়ী, বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাই ৰচনা কৰা গীতসমূহৰ বিভিন্ন ঠাইত গণসংযোগৰ দৃষ্টিভংগীৰ মূৰ্ত প্ৰকাশ ঘটিছে। এইগৰাকী বিশ্ববিশ্ৰুত শিল্পীয়ে সংগীতক গণসংযোগৰ মাধ্যম ৰূপে আৰু সমাজ পৰিৱৰ্তনৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰিছিল। অসমীয়া জীৱনৰ এনে এটা বিষয়,এনে এটা ঘটনা অথচ এনে আনন্দ প্ৰকাশৰ আলোচিতব্য বিষয় নাই যিটো বিষয়ক লৈ ড° ভূপেন হাজৰিকাদেৱে ৰচনা কৰা নাই।
অসমত ভাষা আন্দোলৰ সময়ত সাধাৰণজনৰ মাজত এক সুস্থ-সম্পৰ্ক বজাই ৰাখিবৰ বাবে ড° হাজৰিকাদেৱে “মানুহে মানুহৰ বাবে” গীতটো ৰচনা কৰিছিল। মানুহৰ মাজত সম্পৰ্ক স্থাপনৰ বাবে তেওঁ গাইছিল-
“মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ
যদি দানৱ কাহানিবা হয়েই মানুহ
লাজ পাব কোনেনো কোৱা? সমনীয়া?”
অৰ্থাৎ মানুহ মানুহৰ কাৰণে। দানৱ মানুহৰ বিপৰীত,দানৱৰ চিন্তা তথা কৰ্ম হ’ল দানৱীয়। দানৱ কেতিয়াও মানুহ হ’ব নোৱাৰে; সেয়ে মানুহৰ বাবে সি হ’ব অশুভ শক্তি। এই দানৱীয় কৰ্মত থাকিব অত্যাচাৰ, উৎপীঢ়ণ, ৰক্তপাত। সেয়েহে মানুহৰ সমাজত স্থান নাই তাৰ। মানৱ সমাজত তেনে দানৱীয় কৰ্মই শোভা নাপায়।
তেওঁ আশাৰে কৈছে – “অৰ্থনৈতিকভাৱে সজাগ এখন সমাজ বিচাৰিছো য’ত আমি সুন্দৰকৈ গান গাব পাৰো-য’ত বাগৰুম্বা হ’ব পাৰে-য’ত কাৱালী হ’ব পাৰে-য’ত বিহু ভালকৈ হ’ব পাৰে-য’ত গজল ভালকৈ হ’ব পাৰে এনেকুৱা সমাজ বিচাৰিছো। সেইখন সমাজ শান্তিৰ সমাজ,জনসাধাৰণৰ সমাজ। উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মনোৰঞ্জনধৰ্মী ৱেব পৰ্টেল “ৰূপালীপৰ্দা ডট কম” শীৰ্ষক এই আলোচনীখনৰ উদ্ধোধক আছিল ড° ভূপেন হাজৰিকা। তেওঁৰ জন্মদিনৰ দিনটোত আমি ৰূপালী পৰ্দাৰ সমূহ কৰ্মবৃন্দই তেওঁক শ্ৰদ্ধাৰে শুৱঁৰিছো।
গতিকে এক কথাত ক’বলৈ হ’লে ড° ভূপেন হাজৰিকাৰ গীত আজিও সকলোৰে জীৱনত সঞ্জীৱনী হৈ আছে। তেওঁৰ গীতসমূহৰ বাবেই সমাজত জনমূখী চিন্তা আছে। শেষত, সাগৰ সংগম সাঁতুৰি-নাদুৰি ক্লান্ত নোহোৱা সৰ্বকালৰ শ্ৰেষ্ঠ ভূপেন হাজৰিকাদেৱে কলা-সংস্কৃতিৰ মাজেৰে এখন সংগীতৰ সমাজ গঢ়িছিল। তেওঁ মানুহৰ বাবে গীত গাইছিল আৰু মানুহৰ মাজত একতাৰ বান্ধোন দৃঢ় কৰাৰ প্ৰচেষ্টাৰে লগতে মানুহে মানুহৰ বাবে অলপ হ’লেও চিন্তা কৰাৰ মানসেৰে তেওঁ গীতসমূহ ৰচিছিল। ড° ভূপেন হাজৰিকা এনে এগৰাকী পুৰুষ যাৰ স্থান সহজে পূৰণ কৰাটো সাধাৰণ শিল্পী সাহিত্যিকৰ কল্পনাৰ অতীত। ড° ভূপেন হাজৰিকা বৰ্তমান আমাৰ মাজত নাই যদিও অসমীয়া মানুহৰ হৃদয়, মন, সত্তাত আৰু জাতীয় ইতিহাসত চিৰদিন প্ৰবাহিত হৈ থাকিব।
Add comment