Rupaliparda.com
ক'ৰোণা মহামাৰী, মূকাভিনয়ৰ সৈতে দিগন্ত ভাৰতীৰ ব্যতিক্ৰমী উপস্থাপন 'মইনবা নৰা চাহি'- 1

ক’ৰোণা মহামাৰী, মূকাভিনয়ৰ সৈতে দিগন্ত ভাৰতীৰ ব্যতিক্ৰমী উপস্থাপন ‘মইনবা নৰা চাহি’-

ক’ৰোণা মহামাৰী অথবা ক’ভিড ১৯, বিশ্বৰ প্ৰতিজন জনসাধাৰণৰ বাবে যেন এক আতংকিত শব্দ এয়া। দীৰ্ঘদিনীয়া স্তব্ধতা আৰু আপোনজনক কাঢ়ি লৈ যোৱা এই শব্দটোৱে এতিয়াও একাংশক সন্ত্ৰাসগ্ৰস্ত কৰি ৰাখিছে। নিজৰ সৰ্বস্ব হেৰুৱাবলৈ যেন একপ্ৰকাৰ বাধ্য কৰোৱাইছে এই নামটোৱে। এই বেমাৰবিধৰ ফলত হোৱা স্তব্ধতা একাংশৰ য’ত সপোন ছাৰখাৰ কৰিছে, তাতেই আকৌ আন একাংশৰ উপাৰ্জনৰ একমাত্ৰ আহিলাবিধটো প্ৰশ্নৰ উত্থাপন কৰিছে। মুঠতে,কেউদিশে এক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিছে এই ভাইৰাছবিধে। বৰ্তমানলৈকে, ইয়াৰ প্ৰভাৱ আমাৰ সমাজত পৰি ৰৈছে। ক’ৰবালৈ ওলাই যাওঁ বুলি ভাবিলেই এক ভয় ভাৱ আমাৰ মনত বিৰাজ কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে, শেহতীয়াকৈ দেশত ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে। ক’ভিড টীকাকৰণৰ ফলটো এই মহামাৰীবিধৰ প্ৰকোপ যথেষ্ট পৰিমাণে হ্ৰাস হৈছে যদিও একেবাৰতে কমি যোৱা নাই। আজি আমি আপোনালোকক ক’ভিড ১৯ ৰ প্ৰভাৱ অথবা প্ৰকোপক লৈ দীঘলীয়া পৰ্যালোচনা দাঙি ধৰিবলৈ বিচৰা নাই, ক’ভিডৰ প্ৰসংগ টানিছোঁ মনোৰঞ্জন ক্ষেত্ৰখনক সাঙুৰিহে। বিগত কিছুদিন পূৰ্বে অসমীয়া সংগীত ক্ষেত্ৰখনত এটি গীতে মুক্তি লাভ কৰিছিল। ব্যতিক্ৰমী কথা আৰু উপস্থাপনৰ সৈতে অসমীয়া সংগীত জগতত কেইবাটাও সুন্দৰ গীতৰ উপহাৰ দিয়া সংগীতশিল্পী দিগন্ত ভাৰতীৰ কণ্ঠৰে মুক্তি লাভ কৰিছে এটি নতুন গীত “মইনবা নৰা চাহি”।


উক্ত গীতটি উপভোগ কৰি অধিকাংশই মুখত হাঁহি বিৰিঙাইছে, কিন্তু গীতটিৰ অন্তনিৰ্হিত গম্ভীৰ ভাৱধাৰাক নুই কৰিব পৰা নাযায়। দিগন্ত ভাৰতী; এনে এজন ব্যক্তি যাৰ প্ৰতিটো গীতৰ চৰ্চা নোহোৱাকৈ নাথাকে; তেওঁৰ শিষ্যসকলেও প্ৰতিটো সময়ত তেওঁৰ সান্নিধ্যত থাকি গীতৰ চৰ্চা কৰি একোটা গীতৰ মুক্তি দিয়া দেখিবলৈ পোৱা যায়। ‘মইনবা নৰা চাহি’ শীৰ্ষক এই গীতটিৰ শিৰোনাম দেখিয়ে হয়টো আপোনালোকে ধৰিব পাৰিছে যে গীতটি নামনি অসমৰ কথা কোৱা ধৰণটোক ব্যৱহাৰ কৰিয়ে প্ৰস্তুত কৰি উলিওৱা হৈছে। ভিডিঅ’সহ মুক্তিপ্ৰাপ্ত এই গীতটিৰ আন এক ভাল লগা বিষয় এয়াও যে, এই ভিডিঅ’টোত মূকাভিনয়ৰ জৰিয়তে গীতটিৰ কথাখিনিক উপস্থাপন কৰা হৈছে জনসাধাৰণৰ আগত। মূকাভিনয় শিল্পী জনপ্ৰিয় প্ৰতিভাসম্পন্ন মিনাংক ডেকাৰ লগতে খলিন জ্যোতি বৰা আৰু বিনোড দাসৰ মূকাভিনয়ৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে গীতটি আৰু অধিক গ্ৰহণযোগ্য হৈ উঠিছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। গীতটিৰ কথা আৰু সুৰৰ দায়িত্বটো আছে দিগন্ত ভাৰতীয়ে নিজেই। ক’ৰোণাৰ প্ৰকাৰ আৰু ইয়াৰ ঋণাত্মক প্ৰভাৱ সমূহক হাস্যৰসিক ভাৱে দাঙি ধৰা হৈছে এই গীতটিত।

ক'ৰোণা মহামাৰী, মূকাভিনয়ৰ সৈতে দিগন্ত ভাৰতীৰ ব্যতিক্ৰমী উপস্থাপন 'মইনবা নৰা চাহি'- 2


গীতটিৰ আৰু অধিক সফলতাৰ কামনা কৰি ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলীক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.