Rupaliparda.com
বিগত বহু দিনৰ অপেক্ষা, মুক্তিৰ বাবে সাজু 'মিলনৰ মুৰুলী'- 1

বিগত বহু দিনৰ অপেক্ষা, মুক্তিৰ বাবে সাজু ‘মিলনৰ মুৰুলী’-

বিগত বহু দিনৰ পৰা চৰ্চিত হৈ থকা ‘মিলনৰ মুৰুলী’ শীৰ্ষক এটি নতুন গীত মুক্তিৰ বাবে সাজু হৈ উঠিছে। চলিত বৰ্ষৰ এটি বহু প্ৰত্যাশিত প্ৰকল্প হিচাবে পৰিগণিত হ’বলগীয়া ‘মিলনৰ মুৰুলী’ য়ে মুক্তিৰ পূৰ্বৰে পৰাই জনসাধাৰণক বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আহিবলগীয়া এই গীতটিয়ে সংগীত ক্ষেত্ৰখনলৈ এটি পুৰণি যুটিক নতুন আকাৰে উভতাই আনিছে, যুটিটো হৈছে জুবিন গাৰ্গ আৰু জুবলী বৰুৱাৰ। সৰ্বত্ৰে ব্যাপক হাৰত প্ৰচাৰ হৈ থকা ঋণাত্মক খবৰ সমূহে ইতিমধ্যে ব্যতিব্যস্ত কৰি তুলিছে প্ৰত্যেককে। ইতিবাচক খবৰৰ চৰ্চাতকৈ অধিক নেতিবাচক খবৰ সমূহে প্ৰাধান্য লাভ কৰিছে সমাজ খনত, কিন্তু এই আটাইবোৰৰ মাজতেই যেতিয়াই এটি উৎসাহপূৰ্ণ বাৰ্তা লাভ কৰা হয় তেতিয়ানো কাৰ ভাল নালাগে? আমাৰ সুখানুভূতিবোৰ সৰু সৰু বস্তুতেই, আমাক এটা গীতেই সুখ প্ৰদান কৰিব পাৰে জীৱনৰ। তাতেই আকৌ যদি দুগৰাকীকৈ জনপ্ৰিয় আৰু বহুল অনুৰাগীৰে পৰিপূৰ্ণ দুগৰাকী শিল্পীৰ কণ্ঠ জড়িত হৈ থাকে তেতিয়া সেই গীতটিৰ বাবে অপেক্ষা কৰি ৰোৱাটোৰো এক সুকীয়া আমেজ থাকে। অৱশ্যে,এই শিল্পী দুগৰাকীৰ লগতে আমি এই গীতটিত বহুকেইগৰাকী প্ৰতিভাসম্পন্ন নৱপ্ৰজন্মৰ প্ৰসংগ টানি অনাটো জৰুৰী। ডানিশৰ কথাৰে সজোঁৱা এই গীতটিক এক প্ৰকাৰ জীৱন দিছে সুৰকাৰ আৰু সংগীত ব্যৱস্থাপক দৰ্শনে।

বিগত বহু দিনৰ অপেক্ষা, মুক্তিৰ বাবে সাজু 'মিলনৰ মুৰুলী'- 2


বিগত তিনিবছৰীয়া পৰিকল্পনাৰ পিছত এই গীতটিক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ পৰিকল্পনা কৰা হৈছে। অহা ১৪ ছেপ্টেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই গীতটিত হিমাচল প্ৰদেশৰ লোকসংগীতৰ সৈতে অসমীয়া থলুৱা গীতৰ সংযোজন ঘটোৱা হৈছে। মাজুলীত অনুষ্ঠিত ‘মনগীত’ শীৰ্ষক সংগীত মহোৎসৱত এই গীতটিক অসমীয়া সংগীত ক্ষেত্ৰখনৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে প্ৰশংসা কৰিছে। ‘ত’ন’ মিডিয়াৰ বেনাৰত নিৰ্মিত গীতটিৰ ভিডিঅ’ ত অভিনয় কৰিছে অভিনয় ক্ষেত্ৰখনৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে। গুঞ্জন ভৰদ্বাজ, পাঞ্চি প্ৰিয়া, মধুষ্মিতা দিহিঙীয়া আৰু দীপজ্যোতি কলিতাৰ লগতে ইয়াত এগৰাকী শিশু শিল্পী আমাইৰা ৱাহলাঙকো দেখিবলৈ পোৱা যাব। তিৰাপ সীমান্ত মেধিৰ পৰিচালনাৰে নিৰ্মিৰ এই গীতটিৰ জৰিয়তে ৰাইজৰ মাজলৈ এক সামাজিক বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা হৈছে। গীতটিৰ পোষ্টাৰ সমূহৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে ‘মিলনৰ মুৰুলী’ ত এটা পৰিয়ালৰ সদস্যসকলৰ মাজত থকা এক আৱেগভৰা সম্পৰ্ককো উপস্থাপন কৰা হৈছে। জুবিন আৰু জুবলীৰ অনুৰাগীৰ বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই ‘মিলনৰ মুৰুলী’ য়ে অতিশীঘ্ৰে ভুমুকি মাৰিব।

বিগত বহু দিনৰ অপেক্ষা, মুক্তিৰ বাবে সাজু 'মিলনৰ মুৰুলী'- 3


গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলীৰ প্ৰচেষ্টা প্ৰশংসনীয় তথা গ্ৰহণযোগ্য। এওঁলোক আটাইকে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform