Rupaliparda.com
কিছুমান ইচ্ছাক বুকুত বান্ধি PVTI ৰ বেনাৰত নিৰ্মিত চুটি ছবি 'ইচ্ছা'- 1

কিছুমান ইচ্ছাক বুকুত বান্ধি PVTI ৰ বেনাৰত নিৰ্মিত চুটি ছবি ‘ইচ্ছা’-

শেহতীয়াকৈ, ৰাজ্যত বিভিন্ন বিভীষিকাময় খবৰে প্ৰত্যেককে ব্যতিব্যস্ত কৰি তুলিছিল। কেউদিশৰ নেতিবাচক খবৰ সমূহে প্ৰভাৱ পেলাইছে জনসাধাৰণৰ জীৱন যাত্ৰাৰ ওপৰত। এই নেতিবাচক তথা ঋণাত্মক খবৰ সমূহৰ মাজেৰেই আগবঢ়াৰ সমান্তৰালকৈ বিভিন্ন নতুন নতুন বিষয়ত চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে আজিৰ প্ৰজন্মই। মনোৰঞ্জন ক্ষেত্ৰখনত যদিও পূৰ্বৰ তুলনাত স্তব্ধতাই বিৰাজ কৰিছে, তথাপিও একাংশ নৱপ্ৰজন্মৰ অহোপুৰুষাৰ্থই এই ক্ষেত্ৰখনক উঠাই আনিছে। প্ৰতিদিনেই একোটা নতুন বিষয়বস্তুৰ সৈতে দৰ্শক সমাজক চিনাকী কৰোৱাই দিয়া নৱপ্ৰজন্মৰ একাংশ প্ৰতিভাসম্পন্ন কলা-কুশলীৰ প্ৰকল্পসমূহত জনপ্ৰিয়তাৰ মোহৰ লাগিছে। চুটি ছবি, স্তব্ধতাৰ সময়টো মনোৰঞ্জন প্ৰদানৰ এক উত্তম মাধ্যম হিচাবে পৰিগণিত চুটি ছবিসমূহে বৰ্তমান সময়ত এক বিশেষ ভূমিকা লাভ কৰিবলৈ সক্ষম হৈছে, এতিয়া চুটি ছবি বুলি ক’লেই আগ্ৰহী হৈ পৰে সকলো। অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ সমান্তৰালকৈ নিৰ্মাণ কৰা হৈছে অসমীয়া চুটি ছবিসমূহো। লগতে, এই চুটি ছবিসমূহে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছে সমাদৰ।


চচিয়েল মিডিয়াত কিছুদিন পূৰ্বৰে পৰা দেখিবলৈ পোৱা এখন পোষ্টাৰে প্ৰত্যেককে আকৰ্ষণ কৰিছিল। চুটি ছবিখনৰ নাম হৈছে ‘ইচ্ছা’। ৰাজ্যৰ ফটোগ্ৰাফী শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান PVTI ৰ বেনাৰত তথা এই প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগিতাৰে নিৰ্মিত এই চুটি ছবিখন বৰ্তমানেলৈকে মুকলি কৰি দিয়া হোৱা নাই, বিভিন্ন ছবি সমাৰোহত ‘ইচ্ছা’ ক প্ৰেৰণ কৰা হৈছে। মহানগৰীলৈ আহি নগৰৰ জীৱন যাত্ৰাক এবাৰ জীয়াই চাবলৈ প্ৰত্যেকৰে মন যায়, নহয়নে? কিন্তু এই মহানগৰীলৈ অহাৰ পিছত ইয়াৰ ৰমক-জমকে আমাক কেতিয়াবা নিজ আগ্ৰাসনত ল’বলৈ বিচাৰে আৰু ক্ৰমশঃ আমি নিজক পাহৰিবলৈ আৰম্ভ কৰোঁ। এনেধৰণৰ এক কাহিনীকেই লৈ উক্ত চুটি ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে। চুটি ছবিখনৰ পৰিচালনা ধনজিৎ দাসৰ লগতে ইয়াত অভিনয় কৰিছে নৱপ্ৰজন্মৰেই আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী স্বাগতা ভৰালী আৰু জিত বৰাই। চুটি ছবিখনৰ প্ৰযোজনা তপন দাসৰ, পৰিচালনাৰ লগতে চিত্ৰনাট্য আৰু কাহিনী ধনজিৎ দাসৰ নিজৰেই। ‘ইচ্ছা’ চাউণ্ড কৰিছে জনাৰ্দন পাটোৱাৰীয়ে।

কিছুমান ইচ্ছাক বুকুত বান্ধি PVTI ৰ বেনাৰত নিৰ্মিত চুটি ছবি 'ইচ্ছা'- 2


উল্লেখ্য যে, চুটি ছবিখনৰ নিৰ্মাণত সহযোগিতা কৰিছে অমিত বিশ্বাস, অংশুমান কলিতা, বিকাশ দে, বনছি চাংগমা, ধনঞ্জয় দে, কৃদিপ মজুমদাৰ, মমী নংগমালী, প্ৰণৱ গাৰ্গ, ঋষভ চৌধুৰী, সাধন শৰ্মা আৰু চাহিন আখতাৰ। চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform