Rupaliparda.com
"তোমাকে ৰাখো বুকুতে" ৰ জৰিয়তে দীপলিনা ডেকা আৰু বাবন বৰ্ণিলে অনুৰাগীলৈ দিলে সুন্দৰ উপহাৰঃ 1

“তোমাকে ৰাখো বুকুতে” ৰ জৰিয়তে দীপলিনা ডেকা আৰু বাবন বৰ্ণিলে অনুৰাগীলৈ দিলে সুন্দৰ উপহাৰঃ

“বুকুতে ঘৰ সাজি ল’লা সোণ তুমি নজনাকে, নোৱাৰিমেই থাকিব মই তুমি নোহোৱাকে”; আপোনজনক লৈ আমাৰ হেঁপাহ আৰু ইচ্ছা বোৰ সদায় বৃদ্ধি হৈ গৈ থাকে। তেওঁলোকৰ অৱৰ্তমানত আমি এক মিনিট সময় থকাটোও যেন অস্বত্বিদায়ক হৈ পৰে। কিন্তু, প্ৰেম জানো সদায় প্ৰাপ্তিৰ বাবেই হয়? নিশ্চয় নহয়; আমি বৰ্তমানলৈ পঢ়ি অহা প্ৰতিটো প্ৰেম কাহিনী আধৰুৱা আৰু আধৰুৱা প্ৰেম কাহিনীবোৰৰেই এক সুকীয়া মাদকতা আছে। আমি মাত্ৰ এই প্ৰেম আৰু আপোনজনৰ মাজৰ নিজ স্বাৰ্থপৰতাবোৰ ত্যাগ কৰিব লাগিব। শেহতীয়াকৈ দীপলিনা ডেকা আৰু বাবন বৰ্ণিলৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত ‘তোমাকে ৰাখো বুকুতে’ গীতটিৰ ভিডিঅ’ সংস্কৰণটিয়ে লাভ কৰিছে মুক্তি। গীতটিৰ অডিঅ’টোৱে লাভ কৰা জনপ্ৰিয়তাৰ সমানেই ইয়াৰ ভিডিঅ’টিয়ো লাভ কৰিছে সফলতা। এটি গীতে যেতিয়া প্ৰশান্তি আনে তেতিয়া সেই গীতটি আপোন হৈ পৰে শ্ৰোতা সকলৰ বাবে। যেতিয়া শ্ৰুতিমধুৰ কণ্ঠস্বৰ শুনিবলৈ পোৱা যায় তেতিয়া আচলতে গীতটিক লৈ আমি প্ৰত্যেকজন ব্যক্তি উৎসাহিত হৈ পৰোঁ। দীপলিনা ডেকা আৰু বাবন বৰ্ণিল, দুয়োগৰাকীৰেই অনুৰাগীৰ শাৰী দীঘলীয়া। দীপলিনা বুলিলেই আপোন পাহৰা একাংশৰ বাবে কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো গীতেই তেওঁলোকৰ হিট লিষ্টৰ মাজৰ। ৰোমাণ্টিক গীতৰ ক্ষেত্ৰত সুকীয়া স্থান থকা বাবন বৰ্ণিলৰ এই গীতটিয়ে শেহতীয়াকৈ শ্ৰোতাৰ মন চুবলৈ সক্ষম হৈছে।


গীতটিত কথা দিছে প্ৰশান্ত দাসে, বহুসংখ্যক অসমীয়া জনপ্ৰিয় গীতৰ সৈতে জড়িত প্ৰশান্ত দাসৰ এই গীতটিতো অংকুৰিত হৈছে সফলতা। আনহাতে, গীতটিত সুৰ কৰিছে নৱপ্ৰজন্মৰ মাজত শেহতীয়াকৈ বহুল হাৰত জনপ্ৰিয় হৈ উঠা বিকি কলিতাই। গীতটিৰ শব্দ-সংমিশ্ৰণ কৰিছে পিংকু দাসে, আনহাতে গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ তথা সম্পাদনা অপুৰাজ গগৈৰ। নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন পৰিচালক অপুৰাজ গগৈয়ে বৰ্তমানলৈকে সংগীতক্ষেত্ৰখনক কেইবাটাও জনপ্ৰিয় আৰু সমাদৃত গীতৰ উপহাৰ দিছে। গীতটিৰ ভিডিঅ’ত প্ৰথমবাৰৰ বাবে এটি নতুন যুটিক দেখিবলৈ পোৱা গৈছে, নিৰূপম শইকীয়া আৰু ৰিচা চেত্ৰীৰ এই যুটিটোক সঁহাৰি জনাইছে প্ৰতিজন জনসাধাৰণে। দেশত হোৱা বিভীষিকাময় পৰিস্থিতিয়ে আচলতে প্ৰায় প্ৰতিজন ব্যক্তিৰ পৰাই কিবা নহয় কিবা এটা বস্তুক কাঢ়ি নিছে। প্ৰাপ্তিৰ ঠাইডোখৰৰ তুলনাত অপ্ৰাপ্তিৰ ৰেখা ক্ৰমশ বাঢ়ি আকাশলংঘী হৈছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰাও এনে বহু শিল্পী আঁতৰি গৈছে যি বৰ্তমানেও সাধাৰণজনৰ কল্পনাৰো অগোচৰ। কিন্তু, চলিত বৰ্ষটোত সাধাৰণজনে বহু প্ৰতিভাক ওলাই অহাও দেখিবলৈ পাইছে। সেয়া চুটি ছবিৰ ক্ষেত্ৰতেই হওঁক অথবা সংগীত ক্ষেত্ৰখনতেই হওঁক; নৱপ্ৰজন্মৰ প্ৰতিভাই বৰ্তমান সকলোকে আপ্লুত কৰিছে। “লক-ডাউন” য়ে প্ৰতিজন ব্যক্তিৰ জীৱনত যিমানেই সন্ত্ৰাসৰ সৃষ্টি নকৰক কিয়; ই কেতিয়াও সৃষ্টিৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে।

"তোমাকে ৰাখো বুকুতে" ৰ জৰিয়তে দীপলিনা ডেকা আৰু বাবন বৰ্ণিলে অনুৰাগীলৈ দিলে সুন্দৰ উপহাৰঃ 2


এনেদৰে মুক্তিপ্ৰাপ্ত গীতসমূহে আমাক হাঁহিৰ অৱকাশ দিয়ে। ‘তোমাকে ৰাখো বুকুতে’ শীৰ্ষক গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform