Rupaliparda.com

KC Digital Films ৰ বেনাৰত নিৰ্মিত ‘The Radio Guy’ ত সংযোজিত গীত ‘কৈ দিয়ানা’ ৰ সফলতা

‘কৈ দিয়ানা, শিলে কোৱা কথাবোৰ’, জয় বৰুৱাৰ কণ্ঠৰে মুক্তি লাভ কৰিছে ‘The Radio Guy’ নামে চুটি ছবিখনত সংযোজিত গীতটি। KC Digital Films ৰ বেনাৰত নিৰ্মিত চুটি ছবিখনে যেনেদৰে দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল, ঠিক তেনেদৰে শেহতীয়াকৈ সঁহাৰি লাভ কৰিছে ইয়াত সংযোজিত গীত ‘কৈ দিয়ানা’ য়ে। জয় বৰুৱাৰ কণ্ঠৰ মাদকতা আৰু শশাংক সমীৰৰ কলমৰ পিঁয়লাৰে নিগৰি অহা শব্দবোৰক লৈ সংগীত প্ৰেমী যথেষ্ট উৎসাহিত হৈ পৰিছে। জয় বৰুৱাৰ কণ্ঠত যাদু আছে, সেই যাদুৰ বাবেই তেওঁৰ প্ৰতিটো গীতেই জনপ্ৰিয়তাৰ শিখৰত। জয় বৰুৱাৰ গীত সমূহত জনসাধাৰণে উপভোগ কৰিবলৈ পোৱা ব্যতিক্ৰমী ভাৱটোয়ে আচলতে প্ৰায় প্ৰত্যেককে আকৰ্ষণ কৰিবলৈ সক্ষম হয়। সংগীত ক্ষেত্ৰৰ এক প্ৰতিষ্ঠিত নাম জয় বৰুৱা। বলীউডৰ সমান্তৰালকৈ তেওঁ অসমীয়া ছবি ক্ষেত্ৰতো জনপ্ৰিয়। মুম্বাইত প্ৰতিষ্ঠিত এই গৰাকী অসম সন্তানক লৈ গৌৰৱ নকৰি আছলতে নোৱাৰি; টেলেগু ছবিৰ গীততো জয় বৰুৱাই কন্ঠদান কৰিছে বিজ্ঞাপনত থকা জিংগলত কন্ঠদান কৰাৰ দ্বাৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা জয় বৰুৱাই বলীউড ছবি “মুঝসে ফ্ৰেণ্ডছিপ কৰোগে” ৰ পৰা আদি কৰি “জিন্দেগী না মিলেগী দোৱাৰা”, তথা “মুন্না ভাই এম বি বি এছ” ইত্যাদি কেইবাখনো ছবিৰ গীতত কন্ঠদান কৰাৰ উপৰিও অনু মালিক, প্ৰীতম, শংকৰ এহচান লয় আদিৰ সৈতে একেলগে সংগীত পৰিচালক হিচাপেও কাম কৰিছে।


আমি যদি এইবাৰ উক্ত চুটি ছবিখনৰ প্ৰসংগলৈ আহোঁ তেতিয়াহ’লে আপোনালোক প্ৰত্যেকেই জানে যে শশাংক সমীৰ পোনপ্ৰথমে এগৰাকী ৰেডিঅ’ কৰ্মকৰ্তা হিচাবে নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল, তেওঁৰ এই কৰ্ম জীৱনৰ এটা সৰু অংশ উপস্থাপন কৰা হৈছে উক্ত চুটি ছবিখনত। কণ্ঠৰে বহু লোকক নিজ অনুৰাগী কৰি পেলোৱা শশাংশ সমীৰৰ কথাও হয়টো আপোনালোকৰ চিনাকী। তেওঁৰ কথাসমূহৰ বাবে একোটা গীত গ্ৰহণযোগ্য হৈ উঠা পৰিলক্ষিত হয়। সদ্যমুক্তিপ্ৰাপ্ত গীতটিত অভিনয় কৰিছে প্ৰিয়ংকা ভৰালী, শশাংক সমীৰ আৰু প্ৰিয়ংকা কাশ্যপে। এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ অভিনয়ৰ সবল দিশটোকো এই গীতটিৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে। গীতটিৰ সুৰ আৰু সংগীত পৰিচালনা কৰিছে হৰ্জিৎ দিয়াজে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা হৰ্জিৎ দিয়াজ জড়িত হৈ থকা এটি জনপ্ৰিয় প্ৰকল্পৰ নাম হৈছে ৱেব চিৰিজ ‘আশ্ৰম’। আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু দৃশ্যগ্ৰহণ সমুজ্জল কাশ্যপৰ। সম্পাদনা তথা ৰং গৌতম মজুমদাৰৰ। উল্লেখিত চুটি ছবিখনৰ পৰিচালক সমুজ্জল কাশ্যপৰ প্ৰকল্পসমূহৰ গ্ৰহণযোগ্যতা আমি ইতিমধ্যে দেখিছোঁ, মনোৰঞ্জন ক্ষেত্ৰখনত তেওঁৰ প্ৰকল্পসমূহৰ ইতিবাচক প্ৰভাৱ নুই কৰিব পৰা নাযায়।

KC Digital Films ৰ বেনাৰত নিৰ্মিত 'The Radio Guy' ত সংযোজিত গীত 'কৈ দিয়ানা' ৰ সফলতা 1


গীতটিৰ সমান্তৰালকৈ চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীৰ সফলতা কামনা কৰিছোঁ। লগতে, অনাগত দিনত KC Digital Films ৰ তৰফৰ পৰা এনে চুটি ছবিসমূহ লাভৰ বাবে আশা প্ৰকাশ কৰি ৰূপালীপৰ্দাই জনাইছে শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform