এটা অনুভৱ মাত্ৰ। “কৰণ-অৰ্জুন” হৈছে বলীউডৰ চুপাৰহিট ছবিৰ ভিতৰত এখন। চিনেমাখন তেতিয়াৰ পৰা এতিয়ালৈ দৰ্শকৰ মনত এটা নিৰ্দ্দিষ্ট স্থান লৈ আহিছে। গতিকে, ঠিক তেনেদৰে “কৰণ-অৰ্জুন” ৰ যদি অসমীয়া সংস্কৰণ বনোৱা তেতিয়াহ’লে অসমীয়া চলচিত্ৰ জগতত কোন দুজন অভিনেতাক বাৰু কৰণ-অৰ্জুনৰ চৰিত্ৰত খাপ খুৱাব পৰা যায়। আহকচোন চাওঁ,ৰূপালী পৰ্দাৰ ফালৰ পৰা প্ৰস্তুত কৰা এক প্ৰতিবেদন।
১ঃ যতীন বৰা আৰু ৰবি শৰ্মা-
Jatin Bora Rabi Sharma
অসমীয়া চলচিত্ৰ জগতৰ দুটা নামজ্বলা নক্ষত্ৰ। তেওঁলোকৰ অভিনয়ৰ বিষয়ে নজনা খুব কমসংখ্যক অসমীয়া অথবা তেওঁলোকক নজনা কোনো অসমীয়া নাই বুলি একেষাৰে কয় দিলেও অতিৰঞ্জিত নহ’ব। “বাৰুদ”,হিয়া দিয়া নিয়া, নায়ক আদিকে ধৰি কেইবাখনো ছবিত দুইগৰাকী অভিনেতাই একলেগে কাম কৰিছে ; গতিকে দৰ্শকৰ বাবে এই যুঁটিতো নতুন নহ’ব। এইযুঁটিটোক “কৰণ-অৰ্জুন” চৰিত্ৰত ধুনীয়াকৈ খাব খুৱাব পৰা যায়। শ্বাহৰুখ অথবা ছলমান খানৰ নিচিনাকৈ এই দুই অভিনেতায়ো “কৰণ-অৰ্জুন” ৰ চৰিত্ৰত দৰ্শকৰ মনত সাঁচ বহুৱাব পাৰিব।
২ঃ উৎপল দাস আৰু বিবেক বৰাঃ
Utpal Das Vivek Bora
উক্ত যুঁটিটোৱে চিনেমাত একেলগে কাম কৰা নাই যদিও “কৰণ-অৰ্জুন” ৰ চৰিত্ৰত এওঁলোক খাঁপ খাব নিচিনা অনুভৱ হয়। দুইজনক “ফিটনেছ” ৰ ফালৰ পৰা চাব গ’লে কিছু সামঞ্জস্য থকা যেন অনুভৱ হয় লগতে পূৰ্বতে কৰা তেওঁলোকৰ অভিনয়ৰ ফালৰ পৰা ক’ব পাৰি যে দুয়োগৰাকীৰে নিজ নিজ অভিনয়ৰ ক্ষেত্ৰত এক সুকীয়া ব্যক্তিত্ব আছে। গতিকে এই সুকীয়া ব্যক্তিত্বই “কৰণ-অৰ্জুন” ৰ চৰিত্ৰত নতুনত্ব আনিব যেন অনুভৱ হয়।
৩ঃ গুঞ্জন ভরদ্বাজ আৰু নয়ন নীলিম
Gunjan Bhardwaj Nayan Nilim
অসমীয়া চলচিত্ৰ জগতত প্ৰতিষ্ঠিত দুটা নাম হৈছে গুঞ্জন আৰু নয়ন নীলিম। “ডেমফুল” শব্দটোৰ পৰাই নিজক ৰাইজৰ মাাজত চিনাকী কৰোৱা নয়ন নীলিমৰ অনুৰাগী বহুতো দৰ্শক। তাৰ লগতে, টি আৰ পি ছবিখনৰ পৰা দৰ্শকক নিজৰ অভিনয়ৰ অনুৰাগী কৰি লোৱা গুঞ্জনে ৰাইজৰ মাজত এক সুকীয়া স্থান গ্ৰহণ কৰিছে। দুয়োকে দৰ্শকে একেলগে দেখা নাই যদিও তেওঁলোকৰ অভিনয় অথবা কৌতুক জাতীয় মনটোক লৈ দৰ্শক নিশ্চয়কৈ অৱগত। গতিকে “কৰণ-অৰ্জুন” চৰিত্ৰত থকা একচন-কমেডী-প্ৰেম আদিক ভালদৰে উপস্থাপন কৰিবলৈ এওঁলোক সক্ষম হ’ব যেন অনুভৱ হয়।
বাৰু… এয়া আছিল ৰূপালী পৰ্দাৰ ফালৰ পৰা এক প্ৰতিবেদন। এতিয়া আমি জানিব বিচাৰিম,আপোনালোকৰ মতে কোন অসমীয়া অভিনেতা হ’ব পাৰে “কৰণ-অৰ্জুন” চৰিত্ৰত। কমেণ্ট কৰি জনাওঁক আপোনালোকৰ মতামত আৰু বিভিন্ন ধৰণ চেলিব্ৰেটিৰ নজনা কথা জানিবলৈ পেজটো লাইক আৰু শ্বেয়াৰ কৰক।
Add comment