Rupaliparda.com
"চিংগেল মাডাৰ" আৰু এটা সম্বন্ধঃ মালাইকাৰ "বেলেঞ্চ"- 1

“চিংগেল মাডাৰ” আৰু এটা সম্বন্ধঃ মালাইকাৰ “বেলেঞ্চ”-

মালাইকা আৰৰা আৰু অৰ্জুন কাপুৰ সম্বন্ধই বহুত দিনৰ পৰা বলীউডত লাভ কৰি আহিছে ব্যাপক চৰ্চা। প্ৰেমিকদ্বয়ৰ ভেকেশ্বনৰ বিভিন্ন ফটো অথবা পষ্টো হৈ পৰিছে ৰাইজৰ চৰ্চাৰ বিষয়।

"চিংগেল মাডাৰ" আৰু এটা সম্বন্ধঃ মালাইকাৰ "বেলেঞ্চ"- 2

প্ৰায় ৩ বছৰৰ আগত মালাইকা আৰু আৰবাজ খানৰ হোৱা বিবাহ বিচ্চেদে মালাইকাক কিছুদিনৰ বাবে শুদ্ধ পথ বাচি লোৱাৰ শক্তি প্ৰদান কৰা নাছিল যদিও অভিনেত্ৰীগৰাকীয়ে তেওঁৰ পুত্ৰক এটা সুস্থ পৰিৱেশ দিয়াৰ চেষ্টা কৰিছিল আৰু তেওঁৰ মতে বৰ্তমান নিজ পুত্ৰৰ লগত তেওঁ অত্যন্ত সুখী। এটা সম্বন্ধত থাকিলেও মালাইকাৰ বাবে তেওঁৰ পুত্ৰ হৈছে “ফাৰ্ষ্ট প্ৰাঅ’ৰিটি”। গতিকে তাৰ সুখক লৈয়ে ব্যস্ত মালাইকা আৰ’ৰা। বিবাহ বিচ্চেদৰ পিছত পুত্ৰ আৰহান খানে তেওঁক যথেষ্ট সহায় কৰা অথবা প্ৰত্যেকটো ক্ষেত্ৰত বুজা-বুজিৰে কাম সমাধা কৰা আদি বিভিন্ন ক্ষেত্ৰত সহযোগ কৰিছে বুলিও মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে।
উল্লেখ্য যে, অৰ্জুন কাপুৰৰ লগত ৰখা সম্বন্ধই তেওঁৰ পুত্ৰৰ ওপৰত কোনোধৰণৰ প্ৰভাৱ নেপেলায় বা তেওঁ আৰু তেওঁৰ পুত্ৰৰ মাজত থকা মৰম-স্নেহত অৰ্জুনৰ কাপুৰৰ বাবে কোনো ধৰণৰ সাল-সলনি নঘটে বুলিও স্পষ্ট কৰে মালাইকা আৰ’ৰাই।

Image Source: MensXP.com Bollywood

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.