চিম্বা ওৰফে গলি বয় ওৰফে ৰণৱীৰ সিং; এনে এজন অভিনেতা যাৰ অভিনয়ক লৈ বলীউড জগতত এক সুকীয়া স্থান আছে। নিজৰ পিন্ধনেই হওঁক অথবা নিজৰ ভিন্ন অভিনয়ৰ চৰিত্ৰয়েই হওঁক; প্ৰত্যেকটোতে এক বিশেষত্ব থকা দেখা যায় অভিনেতাগৰাকীৰ। বলীউডৰ এই কঠিন ক্ষেত্ৰ খনত নিজৰ “নাম” টো উজ্বলাই ৰাখিবলৈ কৰিব লগা হয় কঠোৰ সংগ্ৰাম আৰু এই সংগ্ৰামৰ বাবে ৰণৱীৰ সিং আজিৰ তাৰিখত এজন “হায়লি পেইড এক্টৰ”। ৩৪ বছৰীয়া জন্মদিনত “চিম্বা” অথবা “গলি বয়” ক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো অলেখ শুভকামনা।

২০১০ চনত মুক্তিপ্ৰাপ্ত “বেণ্ড বাজা ৱাৰাট”ৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অভিনেতাগৰাকীয়ে “পদ্মাৱত” লৈ যি যাত্ৰা ৰচনা কৰিছিল; সেই যাত্ৰা আছিল অইনতকৈ বেলেগ। এজন দক্ষ অভিনেতা হোৱাৰ লগতে এজন স্বামীৰ সমষ্ট দায়িত্ব পালন কৰা দেখা যায় অভিনেতাগৰাকীক। ৬বছৰে বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনৰ লগত সম্বন্ধত থাকি ২০১৮ চনৰ ১৪ নৱেম্বৰত দুয়ো বিবাহ পাশত আৱদ্ধ হয়। দীপিকা আৰু ৰণৱীৰৰ মাজত হোৱা সম্বন্ধৰ ক্ষেত্ৰত সঞ্জয় লীলা ভাঞ্চালিৰ অৰিহণা থকা বুলি প্ৰেমিকযুগলে বহুবাৰ উল্লেখ কৰিছে। চৰ্চিত “ক’পল” ৰ লগতে ৰণবীৰৰ নিজ পত্নীক লৈ থকা “কণচাৰ্ণ” সম্বন্ধে চচিয়েল মিডিয়াত প্ৰকাশিত বিভিন্ন ফটো অথবা ৰণৱীৰৰ দীপিকাৰ ফটোত কৰা কমেণ্টৰ দ্বাৰা বুজিব পৰা যায়।

২০১০ চনৰ পৰা বৰ্তমানলৈ মুঠ ৩ টা “ফ্লিমফেয়াৰ” বঁটাপ্ৰাপ্ত অভিনেতা গৰাকীয়ে তেওঁৰ নিজ জন্মদিনত মুকলি কৰে তেওঁৰ আহিবলগীয়া ছবিৰ প্ৰথমটো “লুক”। ক্ৰিকেটাৰ কপিল দেৱৰ বায়’পিক লৈ নিৰ্মিত ছবি ”৮৩” ত কপিল দেৱৰ চৰিত্ৰত থকা ৰণৱীৰৰ লুকে এতিয়া দৰ্শকৰ মন টানিছে। উল্লেখ্য যে, ছবিখনত কপিল দেৱৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিব ৰণৱীৰ সিং ৰ “ৰিয়েল লাইফ” পত্নী দীপিকা পাডুকনে।

Add comment