চচিয়েল মিডিয়াৰ যোগে ন-ন প্ৰজেক্টৰ বিষয়ে তথ্য দিয়া কৰণ জহৰে এইবাৰ দৰ্শকক দিছে “ডষ্টানা” ত অভিনয় কৰিবলগীয়া “কাষ্ট” ৰ নাম। কাৰ্তিক আৰিয়ানৰ লগতে জানৱী কাপুৰৰ নাম পোহৰলৈ অহা “ডষ্টানা” ৰ বাবে তৃতীয়জন “চুইটেৱল বয়” বৰ্তমানেও পোহৰলৈ অহা নাই।

উল্লেখ্য যে, ছবিখনত কাৰ্তিক আৰু জানৱী থাকিব ভায়েক-ভনীয়েকৰ চৰিত্ৰত। হয়, ঠিকে শুনিছে… কাৰ্তিক আৰু জানৱীয়ে অন স্ক্ৰীণ ৰোমাঞ্চ নহয়; কৰিব ভায়েক-ভনীয়েকৰ চৰিত্ৰতহে কাম। ইয়াৰ উপৰিও, “ডষ্টানা” ত তৃতীয়জন “চুইটেৱল বয়” বুলি এইবাবেই কোৱা হৈছে কাৰণ ভায়েক-ভনীয়েকৰ চৰিত্ৰত থকা দুয়োৰে প্ৰেমৰ ক্ষেত্ৰত থাকিব একেই সোৱাদ।

“ডষ্টানা” ৰ বিষয়ে যেতিয়া দুয়ো অভিনেতা-অভিনেত্ৰীক জনোৱা হৈছিল তেতিয়া দুয়ো নিজ নিজ চৰিত্ৰৰ বাবে উৎসাহী হোৱাৰ লগতে নতুন কিবা এটা চৰিত্ৰত কাম কৰিব পোৱাৰ বাবে সুখীও হৈ পৰিছিল। এতিয়া চাব লাগিব, “ডষ্টানা” ৰ তৃতীয়টো চৰিত্ৰ হ’ব কোন আৰু ছবিখনত থাকিব কি নতুনত্ব!
Add comment