বলীউড ক্ষেত্ৰখনত একেটা তাৰিখত দুজন চুপাৰষ্টাৰৰ ছবি একেলগে মুক্তি পোৱা কথাটো নতুন নহয়। বৰঞ্চ কেতিয়াবা এনে হ’লে এজন আনজনতকৈ পিছ হুহঁকিব লগাটো পাৰে অথবা কেতিয়াবা দুয়োজন চুপাৰষ্টাৰৰ মাজত শীতল যুদ্ধৰো সৃষ্টি হোৱা দেখা যায়। তেনে এক শীতল যুদ্ধৰ আশংকা কৰিব পাৰি চলিত বৰ্ষৰ ১৫ আগষ্ট তাৰিখে; য’ত একেদিনাই ৩ খনকৈ চিনেমা মুক্তিৰ দিন ধাৰ্য্য কৰা হৈছে।

মিছন মংগল,চাহো লগতে ৱাটলা হাউছ; এই তিনিখন ছবি একে দিনাই মুক্তিৰ কথাক লৈ এতিয়া দোধোৰ-মোধোৰত পৰিছে দৰ্শকো। ভাৰতীয়ই “মাৰ্চ” লৈ কৰা যাত্ৰাৰ এক সঁচা কাহিনীৰ ওপৰত নিৰ্মিত কৰা হৈছে “মিছন মংগল” ; য’ত অক্ষয় কুমাৰৰ সৈতে দেখা যাব বিদ্যা ৱালন, সোণাক্ষী সিনহা, তাপসি পান্নু, কৃতি কুলহাৰী, শৰ্মা যোশী,আদি অভিনতা-অভিননেত্ৰীক । লগতে “চাহো” হৈছে বাহুবলী খ্যাত প্ৰভাশৰ প্ৰথম খন বলীউড চিনেমা বি-টাউন অভিনত্ৰী শ্ৰদ্ধা কাপুৰৰ সৈতে। আকৌ, “ৱাটলা হাউছ” নিৰ্মিত হৈছে ২০০৮ চনৰ ১৯ চেপ্তেম্বৰত সংঘটিত ৱাটলা হাউচৰ এনকাউণ্টৰৰ কাহিনীৰ ওপৰত। চিনেমাখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জন আব্ৰাহামে সঞ্জীৱ কুমাৰ য়াদৱৰ চৰিত্ৰত।


উক্ত তিনিওখন চিনেমাক লৈ দৰ্শক আগ্ৰহী যদিও ১৫ আগষ্টৰ দিনটোত মুক্তি পোৱা চিনেমা কেইখনৰ ভিতৰত দৰ্শকে কোনখনক এৰি কোনখনক অধিক প্ৰাধান্য দিব সেয়া হ’ব লক্ষণীয়।
Add comment