Rupaliparda.com
"ভালপোৱাত যদি এজনে আনজনক চৰ মাৰিব নোৱাৰা,তেতিয়াহ'লে ই প্ৰেম নহয়"- সঞ্জীৱ ৰেড্ডী ভাংগা 1

“ভালপোৱাত যদি এজনে আনজনক চৰ মাৰিব নোৱাৰা,তেতিয়াহ’লে ই প্ৰেম নহয়”- সঞ্জীৱ ৰেড্ডী ভাংগা

যোৱা ২১ জুনত মুক্তিপ্ৰাপ্ত “কৱীৰ সিং” আছিল দৰ্শকৰ বাবে এক চুপাৰহিট মুভি। ছাহিদ কাপুৰৰ খং তথা অভিনয় অথবা “এগ্ৰশ্বনে” ছবিখনক ২০০ কোটি ঘৰত থিয় কৰালে। ছবিখনক লৈ দৰ্শকে দিয়া ভাল-বেয়া কমেণ্টৰ পিছতো ছাহিদ কাপুৰৰ বাবে চিনেমাখন আছিল তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰজেক্ট।

"ভালপোৱাত যদি এজনে আনজনক চৰ মাৰিব নোৱাৰা,তেতিয়াহ'লে ই প্ৰেম নহয়"- সঞ্জীৱ ৰেড্ডী ভাংগা 2


এফালে দৰ্শকৰ ভাল কমেণ্ট আৰু আনফালে ছবিখনে পোৱা ঋণাত্মক ৰিভিউৰ প্ৰতিউত্তৰ দিবলৈ এতিয়া প্ৰস্তুত হৈ পৰিছে “কৱীৰ সিং” ৰ পৰিচালক সঞ্জীৱ ৰেড্ডী ভাংগা। তেওঁৰ মতে ছবিখন যেতিয়া নিৰ্মাণৰ কথা ভাৱিছিল তেতিয়াই তেওঁ ভাৱি লৈছিল যে বক্স অফিচত “কৱীৰ সিং” এখন ব্লকব্লাষ্টাৰ ছবি ৰূপে পৰিগণিত হ’ব। কিন্তু ছবিখনক লৈ “ফেনিজিমে” দিয়া ঋণাত্মক ৰিভিউ লৈ তেওঁ হতহম্ভ হোৱা বুলি মত প্ৰকাশ কৰে। ছবিখনত থকা এটা দৃশ্যক উদ্দেশ্যি পৰিচালক গৰাকীয়ে কয় যে “ছবিখনত প্ৰীতিয়েও কৱীৰক বহু বাৰ চৰ মাৰিছে; যদিও তাইৰ ওচৰত তাক চৰোৱা কোনোধৰণৰ কাৰণ নাছিল। কিন্তু কৱীৰে প্ৰীতিক এটা কাৰণ লৈহে চৰ মাৰিছিল।” ইয়াৰ লগতে তেওঁ কয় যে, প্ৰেমত যদি এজন আনজনৰ ওপৰত নিজৰ ভাৱবোৰ দেখুওৱাৰ কোনো অধিকাৰেই নাথাকে তেনেহ’লে ই “প্ৰেম” হ’ব নোৱাৰে। যদি তুমি নিজৰ ভালপোৱাক তোমাৰ নিজৰ “ইমশ্বন” দেখুৱাই চৰ মাৰিব নোৱাৰা, “কিচ” কৰিব নোৱাৰা তেতিয়াহ’লে তাত পৰিচালকগৰাকীয়ে কোনো ধৰণৰ প্ৰেম নেদেখে বুলিও মন্তব্য কৰে।

"ভালপোৱাত যদি এজনে আনজনক চৰ মাৰিব নোৱাৰা,তেতিয়াহ'লে ই প্ৰেম নহয়"- সঞ্জীৱ ৰেড্ডী ভাংগা 3


সঞ্জীৱ ৰেড্ডী ভাংগাৰ এনে মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে কোনো কি যুক্তি প্ৰস্তুত কৰিব সেয়া আগন্তুক সময়ত গম পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform