একচনৰ সাংঘাতিক বৰষুণ হোৱা বাঘী-১ আৰু বাঘী-২ ৰ পিছত এইবাৰ বাঘী-৩ ৰ একচন সমূহৰ বাবে প্ৰস্তুত হৈ পৰিছে একচন কিং খ্যাত টাইগাৰ শ্ৰফ। উল্লেখ্য যে, বাঘী-৩ ত হ’বলগীয়া একচনৰ কিছু সংখ্যক কৰিঅ’গ্ৰাফৰ মূলতে থাকিব টাইগাৰ শ্ৰফ। নিজৰ বডি ফিটনেছ, নাচৰ অংগী-ভংগী, একচনৰ চিকুৱেন্সেৰে দৰ্শকৰ মন মোহা এইগৰাকী অভিনেতাৰ একচন কৰিঅ’গ্ৰাফৰ সোৱাদ ল’ব পাৰিব এতিয়া দৰ্শকে।


অভিনেতা টাইগাৰৰ মতে, “আজিৰ তাৰিখত দৰ্শকে নতুন ষ্টান্ত অথবা একচনৰ বাবে ৰৈ থাকে লগতে এভেঞ্জাৰ,মিছন ইম্পছিৱল আদিৰ নিচিনা হলীউড চিনেমাই একচনৰ গ্ৰাফ ডাল এটা উচ্চতালৈ লয় হৈছে গতিকে তেনেক্ষেত্ৰত আমি বাঘী-৩ ৰ সমূহ টিমটোৱে সেই গ্ৰাফ ডাল চুবলৈ চেষ্টা কৰি আছো।” বাঘী-৩ ত দৰ্শকে এনে কিছুমান একচন দেখিবলৈ পাব যি পূৰ্বতে দেখা পোৱা নাছিল বুলিও অভিনেতাগৰাকীয়ে মত প্ৰকাশ কৰে।

Add comment