যাৱেদ জাফ্ৰিৰ পুত্ৰ লগতে সঞ্জয় লীলা ভাঞ্চালিৰ ভতিজীৰ অভিনয়েৰে ছবিগৃহলৈ অহা “মালাল” ৰ ওপৰত দৰ্শকৰ নৰম মতামত অথবা বস্ক অফিচত ছবিখনৰ সুন্দৰ প্ৰদৰ্শন নকৰাক লৈ এতিয়া মুখ খুলিছে ছবিখনৰ অভিনেতা মিজান জাফ্ৰিয়ে। সঞ্জয় লীলা ভাঞ্চালিৰ দ্বাৰা “লঞ্চ” হোৱাটো প্ৰত্যেকজন অভিনেতাৰ সপোন গতিকে মোৰ এই সপোন দিঠকলৈ অহাত সঞ্জয় লীলা ভাঞ্চালিৰ এক গুৰুত্বৰ হাত থকা বুলি প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে।


“মোৰ পিতৃ যাৱেদ জাফ্ৰি শ্বাহৰুখ খান নহয়; চলচিত্ৰ জগতত পৰিচালকৰ দুৱাৰ মোৰ বাবে খুলি থোৱা হোৱা নাছিল” বুলি এক গুৰুত্বৰ মত প্ৰকাশ কৰাৰ লগতে অভিনেতা গৰাকীয়ে কয় যে মোৰ পিতৃৰ লগতে মোৰ ককা জগদীপে তেওঁৰ কমেডীৰ বাবে যিখিনি সফলতা পাব লাগিছিলে সেইখিনি নাপালে গতিকে মোৰ পৰিয়ালে “ফেলিয়াৰ” বহুত বাৰ দেখিছে আৰু সেইবাবে মই মোৰ সফলতাক “টেকিং ফ’ৰ গ্ৰাণ্টেড” হিচাপে ল’ব নোৱাৰো। “মালাল” ছবিখনক তেওঁ ৩ বছৰ দিছে; যদিও ছবিখনে বস্ক অফিচত ভাল প্ৰদৰ্শন কৰিব পৰা নাই তথাপিও ছবিখনৰ প্ৰত্যেকটা বস্তুৱেই প্ৰিয় বুলি অভিনতা গৰাকীয়ে উল্লেখ কৰে।

My brothеr suggested I may like this website.
He was totally right. This post actually made my day. Yoս can’t consider just how much time I had spent for
this infо! Thanks!