“শ্বোলে” ৰ ঠাকুৰৰ অভিনয়ৰে হৃদয়জিনা বলীউডৰ নক্ষত্ৰ সঞ্জীৱ কুমাৰৰ জন্মদিনৰ দিনা ৰূপালী পৰ্দাৰ ফালৰ পৰা এই মহান ব্যক্তিজনাক শ্ৰদ্ধাৰে শুঁৱৰিছো।

৯ জুলাই, ১৯৩৮ ত জন্মগ্ৰহণ কৰা এই অভিনেতাগৰাকীৰ সম্পূৰ্ণ নাম আছিল হৰিহৰ জেঠালাল জৰীৱালা। অভিনয়ৰ প্ৰথমটো স্তৰত ৰংগমঞ্চৰ লগত জড়িত হৈ থকা সঞ্জীৱ কুমাৰে পিছলৈ অভিনয়ৰ স্কুলত নিজৰ নাম অন্তৰ্ভূক্ত কৰে। ১৯৭০ চনত সঞ্জীৱ কুমাৰে তেওঁৰ প্ৰথম চিনেমা “হম হিন্দুস্তানী” ত এটা সৰু ৰ’ল কৰাৰ সুবিধা পায় আৰু ইয়াৰ লগতেই অভিনেতা গৰাকীৰ অভিনয়ৰ যাত্ৰা খৰখোজেৰে আগবাঢ়িবলৈ লয়। “নয়া দিন নই ৰাত” নামে চিনেমাখনত অভিনেতা গৰাকীয়ে মুঠ ৯ টা চৰিত্ৰৰে দৰ্শকৰ মন মোহিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত “কশিশ” চিনেমাখনত কলা-বোঁবা চৰিত্ৰত সঞ্জীৱ কুমাৰে কৰা অভিনয়ৰ চৰ্চা বৰ্তমানেও দৰ্শকৰ মুখে মুখে শুনিবলৈ পোৱা যায়। ১৯৬০ চনৰ পৰা ১৯৮৪ চনলৈ ২৫ বছৰ কাল বলীউড ক্ষেত্ৰখনত অভিনয়ৰে নিজ নাম উজ্বলাই ৰখা এই অভিনেতাগৰাকীয়ে ২০ বছৰ বয়সৰ পৰাই নিজ সমবয়সীয়া অভিনেতা-অভিনেত্ৰীৰ পিতৃ-শহুৰ আদিৰ চৰিত্ৰত অভিনয় কৰিছিল। উল্লেখ্য যে, “ত্ৰিশূল” নামৰ জনপ্ৰিয় চিনেমাখনত সমবয়সীয়া অমিতাভ বচ্ছন আৰু শশী কাপুৰৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিব দিয়াত সঞ্জীৱ কুমাৰে কোনো ধৰণৰ সংকোচ নকৰি অভিনয় কৰিছিল আৰু তেওঁ চৰিত্ৰটো ইমান সুন্দৰকৈ উপস্থাপন কৰিছিল যে তেওঁক পিছলৈ ছবিখনৰ “লীড” হিচাপে গ্ৰহণ কৰা হৈছিল।


সঞ্জীৱ কুমাৰে যিকোনো চৰিত্ৰ সুন্দৰকৈ উপস্থাপন কৰাৰ লগতে চৰিত্ৰটো জীৱন্ত ৰূপত দৰ্শকৰ মাজলৈ উলিয়াই আনিছিল। অভিনতা গৰাকীয়ে নিজ অভিনয়ৰ কাৰ্যকালত জয়া বচ্চনৰ পিতৃ,স্বামী,শহুৰ তথা প্ৰেমী চৰিত্ৰটো অভিনয় কৰিছে। সঞ্জীৱ কুমাৰে ৰাষ্ট্ৰীয় বঁটাৰ লগতে ফিল্মফেয়াৰৰ ফালৰ পৰা সৰ্বশ্ৰেষ্ঠ অভিনেতা তথা শ্ৰেষ্ঠ সহকাৰী অভিনেতাৰ বঁটা লাভ কৰিছিল। “মনছলী”, “আন্ধী”, “সীতা-গীতা”, “মৌছম”, “অংগুৰ”, “নমকীন” আদি চিনেমাৰ জৰিয়তে দৰ্শকৰ হৃদয়ত বিশেষ স্থান বনোৱা অভিনেতাগৰাকীয়ে এক অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আৱদ্ধ হোৱা নাছিল বিবাহ পাশত। ৪৭ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত ১৯৮৪ চনত অভিনেতাগৰাকীয়ে মৃত্যুক সাৱটি লৈছিল।

Add comment