Rupaliparda.com
"এজন চুপাৰষ্টাৰৰ সফলতা আঁৰত থাকে চিনেমাখনৰ সমষ্ট টীম"- বিকি কৌশল 1

“এজন চুপাৰষ্টাৰৰ সফলতা আঁৰত থাকে চিনেমাখনৰ সমষ্ট টীম”- বিকি কৌশল

সৰু অথবা সহযোগী অভিনেতাৰ চৰিত্ৰৰ দ্বাৰা ধীৰ গতিৰে বলীউড জগত খনত ৰাজত্ব কৰিবলৈ সক্ষম হৈছে বিকি কৌশল। কেৱল ইমানেই নহয়; সাধাৰণ ছোৱালীৰ ড্ৰীম বয় হোৱাৰ লগতে বলীউডৰ কেইবাগৰাকী অভিনেত্ৰীৰো চকু পৰিছে “জোশ বয়” বিকিৰ ওপৰত। “ৰাজী”, “মনমৰজিয়া” আদি ছবিত অভিনয় কৰাৰ পিছতে চলিত বৰ্ষৰ প্ৰথম ভাগতেই অহা “উৰি” ত কৰা অভিনয়ৰে (যাক বৰ্তমানলৈ কৱীৰ সিং ৰ অভিনয়েও হৰুৱাব পৰা নাই) দৰ্শকৰ হৃদয় চুবলৈ সক্ষম হৈছিল অভিনতাগৰাকী।

"এজন চুপাৰষ্টাৰৰ সফলতা আঁৰত থাকে চিনেমাখনৰ সমষ্ট টীম"- বিকি কৌশল 2
"এজন চুপাৰষ্টাৰৰ সফলতা আঁৰত থাকে চিনেমাখনৰ সমষ্ট টীম"- বিকি কৌশল 3


কিন্তু এইখিনিতে, বিকি কৌশলে প্ৰকাশ কৰে যে তেওঁৰ এই সফলতাৰ বাবে তেওঁ নিজক কোনোদিন “ৱাহ-ৱাহ” প্ৰদান কৰা নাই। আজিলৈ তেওঁ যিমানকেইখন ছবিত কৰা অভিনয় সফল হৈছে সেই গোটেইকেইখনতে তেওঁৰ লগতে চিনেমাখনৰ বাবে কৰ্মৰত প্ৰত্যেকজনৰে কষ্ট থাকে। লগতে তেওঁ কয় যে, “চিনেমাখন যদি ভাল হয়, তেতিয়াহ’লে সকলোৱে তোমাক চুপাৰষ্টাৰ ৰূপে গ্ৰহণ কৰে; কিন্তু তেনে নহয়। এজন চুপাৰষ্টাৰৰ সৃষ্টিৰ আঁৰত থাকে চিনেমাখনৰ সমষ্ট টীম।”

"এজন চুপাৰষ্টাৰৰ সফলতা আঁৰত থাকে চিনেমাখনৰ সমষ্ট টীম"- বিকি কৌশল 4
"এজন চুপাৰষ্টাৰৰ সফলতা আঁৰত থাকে চিনেমাখনৰ সমষ্ট টীম"- বিকি কৌশল 5


অভিনেতা গৰাকীৰ এনে সৰলতাৰ বাবেই হয়তো তেওঁক বহু ছোৱালীয়ে “ড্ৰীম বয়” ৰূপে থিয় কৰাইছে। উল্লেখ্য যে, অভিনেতাগৰাকীৰ আগন্তুক প্ৰজেক্টৰ তালিকাত বহুকেইখন চিনেমাই শাৰী পাতিছে; তাৰে কিছুমান তেওঁ চহী কৰা আৰু কিছুমান নকৰা। বিকি কৌশলৰ চৰিত্ৰসমূহক লৈ থকা “ডেডিকেচনে” অভিনেতাগৰাকীক বলীউডৰ প্ৰায় পৰিচালকৰ প্ৰিয় কৰি তুলিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform