Rupaliparda.com
কিশোৰ কুমাৰৰ ২৫ | উৎপল মেনা 1

কিশোৰ কুমাৰৰ ২৫ | উৎপল মেনা

কিশোৰ কুমাৰৰ ২৫ | উৎপল মেনা 2১. ৰূপ তেৰা মস্তানা…

চিনেমা: আৰাধনা (১৯৬৯)

সুৰকাৰ: এছ. ডি. বর্মন

গীতিকাৰ: আনন্দ বক্সী

এই গীতটোৱে কিশোৰ কুমাৰৰ কেৰিয়াৰৰ দিশ সলনি কৰিছিল। একেটা শ্বটত চিত্ৰায়িত এই গীত ভাৰতীয় চিনেমাৰ ইতিহাসত কিংবদন্তিত পৰিণত হৈছে। কণ্ঠত থকা ৰোমান্টিক আবেদন, আত্মবিশ্বাস আৰু স্বাভাৱিকতা আজিও অতুলনীয়।

২. মেৰে সপ্নো কি ৰাণী…

চিনেমা: আৰাধনা (১৯৬৯)

সুৰকাৰ: এছ. ডি. বর্মন

গীতিকাৰ: আনন্দ বক্সী

দাৰ্জিলিঙৰ পাহাৰৰ মাজেৰে যোৱা ৰেলগাড়ী, ৰাজেশ খান্নাৰ হাঁহি– এই গীতটোক অমৰ কৰি তুলিছে। কিশোৰ কুমাৰৰ কণ্ঠই যুৱ প্ৰেমক নতুন ভাষা দিছিল।

৩. য়ে শাম মস্তানী…

চিনেমা: কাটি পতং (১৯৭১)

সুৰকাৰ: আৰ. ডি. বর্মন

গীতিকাৰ: আনন্দ বক্সী

সন্ধিয়াৰ সৌন্দৰ্য, প্ৰেম আৰু বিষাদ– তিনিওটা অনুভূতি একেলগে বহন কৰা গীত। কিশোৰ কুমাৰৰ কোমল কণ্ঠই গীতটোক কালজয়ী কৰিছে।

৪. চিংগাৰী কয়ি ভড়কে…

চিনেমা: অমৰ প্ৰেম (১৯৭২)

সুৰকাৰ: আৰ. ডি. বর্মন

গীতিকাৰ: আনন্দ বক্সী

বিৰহ, বেদনা আৰু জীৱনৰ অসহায়তাক কণ্ঠেৰে অভিনয় কৰাৰ এক অনুপম নিদৰ্শন। বহু সংগীত সমালোচকৰ মতে এইটো কিশোৰ কুমাৰৰ সৰ্বশ্ৰেষ্ঠ গীত।

৫. কুছ তো লগ কহেংগে…

চিনেমা: অমৰ প্ৰেম (১৯৭২)

সুৰকাৰ: আৰ. ডি. বর্মন

গীতিকাৰ: আনন্দ বক্সী

সমাজ সমালোচনাৰ ওপৰত এক দাৰ্শনিক মন্তব্য। আজিও এই গীত সমানে প্ৰাসংগিক।

৬. অ’ সাথী ৰে…

চিনেমা: মুকদ্দৰ কা চিকন্দৰ (১৯৭৮)

সুৰকাৰ: কল্যাণজী–আনন্দজী

গীতিকাৰ: অঞ্জান

প্ৰেমৰ ব্যৰ্থতা আৰু অন্তৰৰ যন্ত্ৰণাৰ অতিশয় সংযত প্ৰকাশৰ ছবি স্পষ্ট।

৭. হমেঁ তুমছে প্যাৰ কিতনা…

চিনেমা: কুদৰত (১৯৮১)

সুৰকাৰ: আৰ. ডি. বর্মন

গীতিকাৰ: মজৰূহ চুলতানপুৰী

প্ৰেমৰ গভীৰতা প্ৰকাশ কৰা ভাৰতীয় সংগীতৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি।

৮. পল পল দিল কে পাশ…

চিনেমা: ব্লেকমেইল (১৯৭৩)

সুৰকাৰ: কল্যাণজী–আনন্দজী

গীতিকাৰ: ৰাজেন্দ্ৰ কৃষ্ণ

প্ৰেমৰ কোমল অনুভূতিক অত্যন্ত মধুৰভাৱে প্ৰকাশ কৰা গীত।

৯. জিন্দগী এক সফৰ হ্যায় ছুহানা…

চিনেমা: আন্দাজ (১৯৭১)

সুৰকাৰ: শংকৰ–জয়কিষাণ

গীতিকাৰ: হাছৰত জয়পুৰী

জীৱনক উপভোগ কৰাৰ আহ্বান। কিশোৰৰ ইয়’ডেলিং গীতটোৰ বিশেষ আকর্ষণ।

১০. য়ে জীৱন হ্যায়…

চিনেমা: পিয়া কা ঘৰ (১৯৭২)

সুৰকাৰ: লক্ষ্মীকান্ত–প্যাৰেলাল

গীতিকাৰ: আনন্দ বক্সী

জীৱনৰ সুখ-দুখক সমভাৱে গ্ৰহণ কৰাৰ এক সহজ অথচ গভীৰ দৰ্শন।

১১. মেৰে মেহবুব কিয়ামত হোগী…

চিনেমা: মি. এক্স ইন বোম্বে (১৯৬৪)

সুৰকাৰ: লক্ষ্মীকান্ত–প্যাৰেলাল

গীতিকাৰ: আনন্দ বক্সী

অপূৰণীয় প্ৰেমৰ বেদনা– মূল সুৰ।

১২. এক অজনবী হাছিনা ছে…

চিনেমা: অজনবী (১৯৭৪)

সুৰকাৰ: আৰ. ডি. বর্মন

গীতিকাৰ: আনন্দ বক্সী

অচিনাকি মানুহৰ প্ৰতি আকস্মিক আকৰ্ষণক অসাধাৰণভাৱে কণ্ঠত ফুটাই তুলিছে।

১৩. প্যাৰ দিৱানা হোতা হ্যায়…

চিনেমা: কাটি পতং (১৯৭১)

সুৰকাৰ: আৰ. ডি. বর্মন

গীতিকাৰ: আনন্দ বক্সী

প্ৰেমৰ স্বতঃস্ফূৰ্ততা আৰু উন্মাদনাৰ সংগীত।

১৪. য়ে জো মহব্বত হ্যায়…

চিনেমা: কাটি পতং (১৯৭১)

সুৰকাৰ: আৰ. ডি. বর্মন

গীতিকাৰ: আনন্দ বক্সী

প্ৰেমৰ অনিশ্চয়তা আৰু মানসিক দ্বন্দ্বৰ অপূৰ্ব প্ৰকাশ।

১৫. অ’ মেৰে দিল কে চেইন…

চিনেমা: মেৰে জীৱন সাথী (১৯৭২)

সুৰকাৰ: আৰ. ডি. বর্মন

গীতিকাৰ: মজৰূহ চুলতানপুৰী

কিশোৰ কুমাৰৰ কণ্ঠৰ মাধুৰ্যৰ এক উজ্জ্বল নিদৰ্শন।

১৬. দিল ক্যা কৰে..

চিনেমা: জুলি (১৯৭৫)

সুৰকাৰ: ৰাজেশ ৰোশন

গীতিকাৰ: আনন্দ বক্সী

প্ৰেমৰ আগত হৃদয়ৰ অসহায়তাৰ কোমল স্বীকাৰোক্তি।

১৭. মুছাফিৰ হুঁ য়াৰোঁ…

চিনেমা: পৰিচয় (১৯৭২)

সুৰকাৰ: আৰ. ডি. বর্মন

গীতিকাৰ: গুলজাৰ

জীৱনক এক অন্তহীন যাত্ৰা হিচাপে চোৱা– দাৰ্শনিক গীত।

১৮. মীত না মিলা ৰে মন কা…

চিনেমা: অভিমান (১৯৭৩)

সুৰকাৰ: এছ. ডি. বর্মন

গীতিকাৰ: মজৰূহ চুলতানপুৰী

অন্তৰৰ নিঃসংগতা, অপূৰণীয় আকাংক্ষা এই গীতৰ মূল শক্তি।

১৯. ৱো শাম কুছ আজীব থী…

চিনেমা: খামোশী (১৯৬৯)

সুৰকাৰ: হেমন্ত কুমাৰ

গীতিকাৰ: গুলজাৰ

স্মৃতি আৰু বিষাদেৰে ভৰা এক কালজয়ী সৃষ্টি।

২০. আ চল কে তুঝে…

চিনেমা: দূৰ গগন কি ছাঁও মে (১৯৬৪)

সুৰকাৰ: কিশোৰ কুমাৰ

গীতিকাৰ: কিশোৰ কুমাৰ

এখন আদৰ্শ পৃথিৱীৰ সপোন দেখা এই গীত কিশোৰ কুমাৰৰ সৃষ্টিশীলতাৰ অন্যতম শিখৰ। কিশোৰ কুমাৰৰ ২৫ | উৎপল মেনা 3

২১. খাইকে পান বেনাৰস ৱালা

চিনেমা: ডন (১৯৭৮)

সুৰকাৰ: কল্যাণজী–আনন্দজী

গীতিকাৰ: অঞ্জান

অমিতাভ বচ্চনৰ পৰ্দাৰ ব্যক্তিত্বক নতুন মাত্ৰা দিয়া উচ্ছল গীত।

২২. ছুঁ কৰ মেৰে মন কো

চিনেমা: ইয়াৰানা (১৯৮১)

সুৰকাৰ: ৰাজেশ ৰোশন

গীতিকাৰ: অঞ্জান

বন্ধুত্ব আৰু প্ৰেমৰ সূক্ষ্ম অনুভূতিক অতি কোমলভাৱে প্ৰকাশ কৰা গীত।

২৩. নীলে নীলে অম্বৰ পৰ…

চিনেমা: কলাকাৰ (১৯৮৩)

সুৰকাৰ: কল্যাণজী–আনন্দজী

গীতিকাৰ: ইন্দীবৰ

আশীৰ দশকতো কিশোৰৰ কণ্ঠ যে সমানে সতেজ আছিল, এই গীতেই তাৰ প্ৰমাণ।

২৪. ৰিমঝিম গিৰে সাৱন…

চিনেমা: মঞ্জিল (১৯৭৯)

সুৰকাৰ: আৰ. ডি. বর্মন

গীতিকাৰ: যোগেশ

বৰষুণ, প্ৰেম আৰু মহানগৰীয় জীৱনৰ অপূৰ্ব সংগীত-চিত্ৰ।

২৫. ফুলোঁ কা তাৰোঁ কা…

চিনেমা: হৰে ৰামা হৰে কৃষ্ণ (১৯৭১)

সুৰকাৰ: আৰ. ডি. বর্মন

গীতিকাৰ: আনন্দ বক্সী

ভাই-ভনীৰ সম্পৰ্কক ইমান সৰল আৰু আন্তৰিকভাৱে প্ৰকাশ কৰা গীত ভাৰতীয় চিনেমাৰ সংগীতত খুব কমেই আছে। ৰাখীবন্ধনকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠানত আজিও এই গীত সমান জনপ্ৰিয়।

Utpal Mena

Add comment

Leave a Reply