বছৰৰ ৯ মাহ অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈ গাঁও, চহৰ,পাহাৰ ভৈয়াম সকলোতে অসমৰ সাংস্কৃতিক বৰপথাৰ খন চহকী কৰি ব’হাগ, জেঠ আৰু আহাৰ মাহ অৰ্থাৎ এপ্ৰিল, মে’ আৰু জুন মাহত নিজৰ আপোন ঘৰখনত পিতৃ মাতৃ, ভাই ভনী, পত্নী আৰু সন্তানৰ সৈতে সময় কটাই পুনৰ জুলাই মাহত সকলো মায়া মোহ এৰি নিজৰ পৰিয়ালক পোহপাল দিয়াৰ স্বাৰ্থত পুনৰ ন ন ৰূপৰে , নতুন পৰিকল্পনাৰে
নিজ নিজ পচন্দৰ ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী সমুহত ইতিমধ্যে যোগদান কৰিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা অভিনেত্ৰী, ক’লা কুশলী তথা কৰ্মী সকলে।
এতিয়া আখৰা শিবিৰত দিনাৰাতি একাকাৰ কৰি নাটক, নৃত্যৰ আখৰা কৰিছে। নিজক প্ৰতিষ্ঠা কৰিবলৈ কোনো ভাগৰি পৰা নাই। সম্প্ৰতি উজনি নামনি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ আখৰা শিবিৰ সমুহ উদুলি মুদুলি। কাৰো সময় নাই। সময় নাই প্ৰয়োজক, সম্পাদক, পৰিচালক, অভিনেতা, অভিনেত্ৰী, সংগীত পৰিচালকৰ লগতে নৃত্য পৰিচালক, শব্দ নিয়ন্ত্ৰক, স্মাৰকৰ লগতে ৰান্ধনী জনৰো। সময় নাই নাট্যকাৰ, পৰিচালক অভিজিৎ ভট্টাচাৰ্য, ধ্ৰুৱজ্যোতি শৰ্মা, পৰিচালক ৰাজেশ ভূঞাকে ধৰি অন্যান্য নাট্যকাৰ, পৰিচালকৰ।
নাট্যকাৰ, পৰিচালক তথা প্ৰযোজকৰ বিশেষ ভূমিকাত নাটকৰ চৰিত্ৰ সমুহ বাচনি কৰি অভিনেতা অভিনেত্ৰীক আখৰা কৰিবলৈ দিছে। কাৰো দ্বিমত নাই। সকলোৰে এটাই দাবী আমাৰ নাট্য দলৰ নাটক এইবাৰ শ্ৰেষ্ঠ হ’বই! প্ৰতিখন ভ্ৰাম্যমাণ থিয়েটাৰত বছৰটোৰ বাবে প্ৰায় শতাধিক অভিনেতা- অভিনেত্ৰী, ক’লা কুশলী আৰু কৰ্মী চুক্তিবদ্ধ হয়। অৱশ্যে কিছুমান থিয়েটাৰত ইয়াৰ সংখ্যা কম বেছি হয়। বহুতো প্ৰত্যাহ্বান নেওচি বছৰটোৰ ন মাহ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত থাকি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিবলগীয়া হয়। নিজৰ পৰিয়ালক সুৰক্ষিত কৰি ৰাখিবলৈ এবছৰীয়া চুক্তিত কৰি প্ৰয়োজকৰ পৰা মাননি লাভ কৰে। ইফালে গ্লেমাৰ সৰ্বোচ্চ অভিনেতা অভিনেত্ৰীয়ে নিজে বিচৰা ধৰণে প্ৰয়োজকৰ পৰা ধন বা পাৰিশ্ৰমিক লয়। কিন্তু তাৰ বিপৰীতে একেলগে অভিনয় কৰা একাংশ শিল্পী ক’লা কুশলীয়ে লাভ কৰে য’ত সামান্য ধন। ইফালে চুক্তি অনুসৰি একাংশ প্ৰয়োজকে দ্বিতীয় শ্ৰেণীৰ বুলি ভৱা অভিনেতা অভিনেত্ৰী, ক’লা কুশলীক প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰা বুলি প্ৰায়ে অভিযোগ উত্থাপন হয়। ফলত প্ৰয়োজক আৰু শিল্পীৰ মাজত সম্পৰ্কৰ অৱনতি ঘটে। বিদ্ৰোহ আৰম্ভ হয়। এনেদৰে চলি আহিছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ।
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ একক আৰু অনন্য শক্তিশালী গণ মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। সময়ৰ সোঁতত ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপ সলনি হৈছে। অতীজৰে পৰা নাট্য আন্দোলন বা নাট্য চিন্তাৰ আধাৰত অসমীয়া সমাজ সংস্কৃতিৰ ৰূপান্তৰৰ চিন্তা ভাৱনা প্ৰকাশ কৰা হৈছিল। ভ্ৰাম্যমাণ থিয়েটাৰ এটি পেছাদাৰী প্ৰতিষ্ঠান। এটা উদ্যোগ হিচাপে পৰিগণিত হৈছে। ১৯৬০ চনত ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰে নাট্য নগৰী পাঠশালাত নটৰাজ থিয়েটাৰ নামৰে এটি নাট্য দলৰ জন্ম দিয়ে। পৰবৰ্তী সময়ত নটৰাজ থিয়েটাৰৰ পিছত অসমত বহুতো নাট্য দলৰ জন্ম হ’ল। বহুতো নাট্য দলৰ তথাকথিত প্ৰয়োজকৰ দক্ষতাৰ অভাৱত ন মাহ শেষ কৰিব নোৱাৰি আধাতে সামৰিব লগা হ’ল। বিশেষ ক্ষতিৰ সন্মুখীন হ’ল শিল্পী ক’লা কুশলী তথা আহ্বায়ক সমিতি সমুহ। সুধা হাতেৰে ঘৰলৈ উভতি যাবলৈ বাধ্য হ’ল অভিনেতা অভিনেত্ৰী তথা সৰু সৰু ক’লা কুশলী, কৰ্মী সকল।
তাৰ পিছতো পুনৰ ন ন নাম লৈ আকৌ কিছুমান ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম হ’ল। বছৰত কিমান খন ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম হ’ল আৰু কিমান খন ভ্ৰাম্যমাণ থিয়েটাৰ আধাতে মৃত্যু হ’ল তাৰ খৱৰ অসমৰ দৰ্শক ৰাইজৰ মাজত হিচাপ নোহোৱা হ’ল। নাট্য দল বৃদ্ধিৰ লগে লগে নাট্য দল সমূহৰ মাজত ব্যৱসায়িক প্ৰতিযোগিতাৰো সৃষ্টি হ’ল। নামী দামী অভিনেতা অভিনেত্ৰীক লৈ টনা আজোৰা চলি থকাত এই প্ৰতিযোগিতাত তিষ্ঠি থাকিব নোৱাৰি একাংশ তথাকথিত প্ৰয়োজক চিটিকি পৰিল।
ইতিমধ্যে ৰাজতিলক থিয়েটাৰত ৰাগ ঐনিতম, নন্দিনী কাশ্যপ, নিতুল বালাজী, উত্তম দত্তকে ধৰি কেইবাজনো ন পুৰণি অভিনেতা অভিনেত্ৰীয়ে তিনিখন ভিন্ন নাটকৰ আখৰা কৰি আছে। তেনেদৰে বৰদৈচিলা থিয়েটাৰত মৃদুল ভূঞা, যোগেশ কাশ্যপ, কাজল শৰ্মাকে ধৰি অন্যান্য, আৱাহন থিয়েটাৰত প্ৰস্তুতি পৰাশৰ, নিৰঞ্জন দাস, ৰমেন তামুলী, কল্যাণ জ্যোতি, প্ৰয়াসী পৰাশৰ, মিলন শইকীয়া আদি, কহিনুৰ থিয়েটাৰত অৰূপ বৈশ্য, কৃষ্ণমণি নাথ, অংকিতা শইকীয়া, গিৰীজা শৰ্মা, ৰাজ ভৈৰব আদি, ৰাজমুকুট থিয়েটাৰত সঞ্জীৱ শৰ্মা, জেফি বক্সি, মুনমী ফুকন, শ্যামন্তিকা শৰ্মা, ভাস্কৰ বৰ্মন আদি, ইতিহাস থিয়েটাৰত তপন দাস, চিন্ময় কটকী, বিপুল বৰা, প্ৰণৱ শৰ্মা, দিপাংকৰ কৌশিক, বাবলি বৰা, পংকজ বৰা, কস্তুৰী বৰা, শিশু শিল্পী জেনেলিয়া ৰাজবংশী আদি, তেনেদৰে হেঙুল থিয়েটাৰত সিদ্ধাৰ্থ শৰ্মা (কে কে ) ময়ুৰী গৌতম, ৰিত্তিক নাথ আদি, সূৰ্য থিয়েটাৰত প্ৰসেনজিত বৰা, সুকন্যা ৰাজগুৰু, অৰুণ বৰা, মঞ্জিল বৰুৱা ইত্যাদি, ৰাজধানী থিয়েটাৰত চম্পক শৰ্মা, মৃদুল বৰুৱা, ৰাতুল দাস, ৰাতুল শইকীয়া, সীমান্ত কাশ্যপ, কবিতা চুতীয়া, হিমানী কলিতা, মনোজ কাশ্যপ আদি, ক’লাগুৰু থিয়েটাৰত উৎপল দাস, নিৰ্মল দত্ত, শংকৰজ্যোতি ৰাজখোৱা, অমৰেন্দ্ৰ অ’লেমান, মানস শইকীয়া, আশাৰিয়া ফুকন আদি, বৃন্দাবন থিয়েটাৰত গুঞ্জন ভৰদ্বাজ, প্ৰিয়ংকা শইকীয়া, ভায়োলিনা বৰুৱা, চন্দন বৰা, জীৱনজ্যোতি বৰুৱা, বীৰেন ভূঞা আদি।
বীণাপাণি থিয়েটাৰত প্ৰাঞ্জনা দত্ত, চন্দন ডেকা, হেমাংগ ৰাজ আদি, ভাগ্যদেৱী থিয়েটাৰত শ্ৰীমন্ত মাধৱ দত্ত, চিন্ময় ফুকন, দীপাংকৰ ৰয়, ৰূপৰেখা গোস্বামী, হিমাক্ষী কলিতা, নিতুল পাঠক আদিকে ধৰি
ব্ৰহ্মপুত্ৰ, সুদৰ্শন, ৰূপৰাজ, নটসূৰ্য, সুৰুজকে ধৰি ভ্ৰাম্যমাণ থিয়েটাৰত ২০২৬-২৭ বৰ্ষৰ বাবে চুক্তিবদ্ধ হোৱা অভিনেতা,অভিনেত্ৰী,ক’লা কুশলী তথা কৰ্মী সকলে উক্ত ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী সমুহত যোগদান কৰিছে। ইতিমধ্যে সকলো নাট্য দলৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইফালে নাট্য ৰসিক দৰ্শক ৰাইজ তথা আহ্বায়ক সমিতিৰ মাজত চলিত নাট্যবৰ্ষক লৈ বৃদ্ধি পাইছে উছাহ। বিভিন্ন মহলত চৰ্চা লাভ কৰিছে।







Add comment