Rupaliparda.com

নটসূৰ্য্যৰ সোঁৱৰণীত তেজপুৰত নাট সমাৰোহঃ

“নটসূৰ্য্য” উপাধিৰে বিভূষিত ফণী শৰ্মাৰ মৃত্যু তিথি উপলক্ষে তেওঁৰ সোঁৱৰণত তেজপুৰত ৬ দিনীয়া নাট্য সমাৰোহৰ আয়োজন কৰা হৈছে। ১৯৭১ চনৰ পৰা ধাৰাবাহিকভাৱে উদযাপন কৰি অহা এই সমাৰোহ এইবাৰ সোণালী জয়ন্তীত উপনীত হৈছে। গতিকে এই গৰাকী মহান ব্যক্তিক স্মৰণ কৰি অহা ৩১ জুলাই তাৰিখৰ পৰা ৫ আগষ্ট তাৰিখলৈ প্ৰায় ৬ দিনীয়া কাৰ্যসূছীৰে বাণ থিয়েটাৰৰ পৰিয়ালে নাট সমাৰোহ উদযাপন কৰিব।

নটসূৰ্য্যৰ সোঁৱৰণীত তেজপুৰত নাট সমাৰোহঃ 1
নটসূৰ্য্যৰ সোঁৱৰণীত তেজপুৰত নাট সমাৰোহঃ 2


৩১ জুলাই তাৰিখে বন্তি প্ৰজ্বলনৰ লগতে “নটসূৰ্য্য” শীৰ্ষক গ্ৰন্থৰ উন্মোচন কৰা হ’ব। উল্লেখ্যে যে, নটসূৰ্য্য গৰাকীৰ উক্ত ৪৯ সংখ্যক স্মৃতি দিৱসৰ অনুষ্ঠানতে অসমৰ নাট ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়োৱা একোজনকৈ বৰণ্যে ব্যক্তিক প্ৰথমবাৰৰ বাবে প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে “বাণ থিয়েটাৰ বঁটা” প্ৰদান কৰা হ’ব। অহা ৩১ জুলাই তাৰিখে এই বঁটা প্ৰদান কৰা হ’ব আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক।

নটসূৰ্য্যৰ সোঁৱৰণীত তেজপুৰত নাট সমাৰোহঃ 3
নটসূৰ্য্যৰ সোঁৱৰণীত তেজপুৰত নাট সমাৰোহঃ 4


ইয়াৰ লগতে, ১ আগষ্ট তাৰিখৰ পৰা ৫ জুলাই তাৰিখলৈ প্ৰত্যেকদিনেই দৰ্শকে উপভোগ কৰিব পাৰিব একোখনকৈ নাটক। তলত একাদিক্ৰমে নাটকবোৰৰ কাৰ্যসূচী দিয়া হৈছে-

নটসূৰ্য্যৰ সোঁৱৰণীত তেজপুৰত নাট সমাৰোহঃ 5
নটসূৰ্য্যৰ সোঁৱৰণীত তেজপুৰত নাট সমাৰোহঃ 6
নটসূৰ্য্যৰ সোঁৱৰণীত তেজপুৰত নাট সমাৰোহঃ 7
নটসূৰ্য্যৰ সোঁৱৰণীত তেজপুৰত নাট সমাৰোহঃ 8
নটসূৰ্য্যৰ সোঁৱৰণীত তেজপুৰত নাট সমাৰোহঃ 9
নটসূৰ্য্যৰ সোঁৱৰণীত তেজপুৰত নাট সমাৰোহঃ 10

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform