অসমৰ এগৰাকী ছাত্ৰীক লৈ চুটি ছবি নিৰ্মাণ অক্ষয় কুমাৰৰ। যোৱা ২০১৭ বৰ্ষত এইগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে ভৰিৰে লিখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীৰ্ণ হৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। মোৰঝাৰ জ্ঞানজ্যোতি একাডেমীৰ প্ৰাক্তন ছাত্ৰী আৰু বৰ্তমান হোজাইৰ মৰিয়ম আজমল বমেন কলেজৰ উচ্চতৰ মাধ্যমিকত শিক্ষাৰত এইগৰাকী ছাত্ৰীৰ সফলতাৰ কাহিনী চচিয়েল মিডিয়াত সেই সময়ত ভাইৰেল হৈ পৰিছিল। ভাইৰেল ভিডিঅ’টিৰ জৰিয়তে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে গম পাইছিল জেবিনৰ কথা আৰু লগে লগেই তেওঁ জেবিনক মুম্বাইলৈ মাতি পঠিয়ায়।


২০১৭ চনৰ শেষৰ ফালে নিজ পিতৃ আৰু ককায়েকৰ লগত জেবিন মুম্বাইলৈ যায় আৰু অক্ষয় কুমাৰৰ সৈতে সাক্ষাৎ কৰে। অভিনেতা গৰাকীয়ে সম্পূৰ্ণ দুটা দিন ছাত্ৰী গৰাকীৰ সৈতে কটাই মুম্বাইৰ বিভিন্ন বস্তুৰ লগত অৱগত কৰোৱাৰ লগতে ছাত্ৰীগৰাকীৰ মুখেৰেই তাইৰ বিষয়ে সমগ্ৰ কথা বুজি লয়। সৰুতেই জটিল ৰোগত আক্ৰান্ত হৈ দুয়োখন হাত হেৰুওৱা ছাত্ৰী গৰাকীয়ে নিজ ভৰিয়ে আঁকি অভিনেতাগৰাকীৰ এখন আলোকচিত্ৰ তেওঁক উপহাৰ দিয়ে।


শাৰিৰীক ভাৱে অক্ষম হ’লেও মনোবল দৃঢ় হ’লে কোনো ৰাষ্টাই যে কঠিন নহয় ইয়াক সুন্দৰ ৰূপত উপস্থাপন কৰিছে জেবিন কৌচাৰে। অক্ষয় কুমাৰে ইতিমধ্যে ছবিখন নিৰ্মাণ কৰি উলিয়াইছে। ছবিখনৰ নাম হৈছে “চৰ্ট ষ্টৰিছ অৱ নিউ ইণ্ডিয়া উইথ অক্ষয় কুমাৰ”।
Add comment