“কে.জি.এফ চেপটাৰ-২” ত দেখা পোৱা যাব সঞ্জয় দত্তক। হয়, আপোনালোকে ঠিকে শুনিছে। সঞ্জয় দত্তই হৈছে এইবাৰৰ অধীৰা। উক্ত চিনেমা খনৰ ফাৰ্ষ্ট লুকে এতিয়া দৰ্শকক উৎসাহিত কৰাৰ লগতে আচম্বিতও কৰিছে। “কে.জি.এফ” ছবিখনৰ প্ৰথমটো সংস্কৰণৰ অধীৰা চৰিত্ৰটোতকৈ এইবাৰৰ অধীৰাক দেখা পোৱা গৈছে অধিক ভয়ানক ৰূপত।

খলনায়কৰ ৰূপত নিজকে সজাই অত্যন্ত সুখী অনুভৱ কৰিছে অভিনেতা সঞ্জয় দত্তইও। প্ৰশান্ত নীলৰ দ্বাৰা পৰিচালিত এই ছবিখনত দৰ্শকে দেখিবলৈ পাব ৰবীনা টেণ্ডনকো। পূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰীগৰাকীয়ে। মুন্না ভাই বনাম ৰকী ভাইক চাবলৈ দৰ্শক সমানে উৎসাহিত; নহয়নে বাৰু??

Add comment