Rupaliparda.com

৪৬ সংখ্যক জন্মদিন উদযাপন চনু নিগমৰঃ

বলীউডৰ এনে এগৰাকী গায়ক যিয়ে বলীউডৰ কেইবাজনো জনপ্ৰিয় অভিনেতাক নিজৰ কণ্ঠ দিছে। এনেকুৱা এজন গায়ক যিয়ে একেটা সময়তে কেইবাগৰাকীও বিখ্যাত গায়কৰ মাত মাত দিব পাৰে তথা তেওঁলোকৰ কণ্ঠত গান গাব। পূৰণা-নতুনৰ সংমিশ্ৰণ ঘটাই এই গায়ক গৰাকীয়ে নিজ কণ্ঠৰে গান গাব পাৰে। এতিয়া নিশ্চয় ধৰিব পাৰিছে গায়ক গৰাকী কোন?? ঠিক আছে আপোনালোকক আৰু এটা হিন্ট দিওঁ। এই গায়ক গৰাকীয়ে মহম্মদ ৰফীৰ গান গাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। হয়, ঠিকেই ধৰিছে এইগৰাকী হৈছেে জনপ্ৰিয় গায়ক চনু নিগম। তেওঁৰ বহু সংখ্যক গান এতিয়াও দৰ্শকৰ হৃদয়ত সজীৱ হৈ আছে। চনু নিগমৰ ৪৬ সংখ্যক জন্মদিনত আমি ৰূপালী পৰ্দাৰ ফালৰ তেওঁক জনাইছো অশেষ শুভকামনা।

৪৬ সংখ্যক জন্মদিন উদযাপন চনু নিগমৰঃ 1
৪৬ সংখ্যক জন্মদিন উদযাপন চনু নিগমৰঃ 2


১৯৭৩ চনৰ ৩০ জুলাই তাৰিখে ফৰীদাবাদত জন্মগ্ৰহণ কৰা এইগৰাকী গায়কে ৪ বছৰ বয়সৰ পৰাই মঞ্চত সংগীত পৰিৱেশন কৰিছিল। চনু নিগমে বৰ্তমান তেওঁৰ একোটা গানৰ বাবদ ৬ লাখ টকা আৰু একোখন কনচাৰ্টৰ বাবে ১০ ৰ পৰা ১১ লাখ টকা লয়। ১৯৯২ চনৰ “আজা মেৰি জান” ছবিখনৰ “অ’ আসমান” সংগীতটোৱে চনু নিগমক বলীউডত চিনাকী কৰোৱাই দিয়ে। তেওঁৰ ডেবিউ ছবি “জনম” ৰ সংগীতত কণ্ঠদান কৰিছিল যদিও এই ছবিখনে মুক্তি লাভ নকৰিলে। ইয়াৰ পিছত তেওঁ বহু কেইখন ছবিত নিজ কণ্ঠ নিগৰাইছে।


বৰ্তমানলৈ দুবাৰ ফিল্মফেয়াৰ বঁটা পোৱা চনু নিগমে ২০০২ চনত মুক্তিপ্ৰাপ্ত “সাথিয়া” ছবিখনৰ টাইটেল ট্ৰেকটোৰ বাবদ লাভ কৰিছিল “বেষ্ট চিংগাৰ” ৰ বঁটা। ইয়াৰ পিছতে ২০০৩ চনত অহা শ্বাহৰুখ খান অভিনীত “কল হো না হ” ছবিখনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰাৰ লগতে ফ্লিমফেয়াৰ বঁটা লাভ কৰিছিল। ১৯৯৫ চনত তেওঁ জি.টিভি ত প্ৰচাৰিত শ্ব’ “সা ৰে গা মা” ৰ হষ্ট হিচাপেও আছিল। প্ৰায় তেনেকুৱামান সময়তে টি.চিৰিজ ৰ মালিক গুলশন কুমাৰে চনু নিগমক “ৱেবফা চনম” ক গাবলৈ দিছিল। তেওঁৰ “আচ্ছা চিলা দিয়া তুনে” সংগীটি বৰ্তমানেও জনসাধাৰণৰ মনত জনপ্ৰিয় হৈ আছে।

৪৬ সংখ্যক জন্মদিন উদযাপন চনু নিগমৰঃ 3

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform