Rupaliparda.com

ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিলে জুবিনেঃ

অৱশেষত ক্ষমা খুজিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। ব্ৰাহ্মণ বিদ্বেষী মন্তব্য কৰি ব্ৰাহ্মণৰ ৰোষত পৰিছিল জুবিন গাৰ্গ। তাৰ পিছতে ইন্দ্ৰজিৎ শৰ্মা নামৰ এজন লোকে গায়ক গৰাকীৰ বিৰুদ্ধে গোচৰ তৰিছিল ভাঙাঘৰ থানাত। ফলত ভাঙাঘৰ থানাত উপস্থিত হয় সমগ্ৰ ব্ৰাক্ষ্মণ সমাজৰ ওচৰত ক্ষমা খুজিলে জুবিন গাৰ্গে। তেওঁ কয় যে, “সমাজ ব্যৱস্থাটোক নিকা কৰাৰ স্বাৰ্থত;এই “কাষ্ট” ৰ কিছু তথাকথিত ব্যৱস্থা আঁতৰোৱাৰ বাবেহে মই কথাষাৰ কৈছিলো। এইবোৰ ক’বলৈ যাওঁতেই ভুলতে মোৰ মুখৰ পৰা বামুণ শব্দটো ওলাই গ’ল। মই নিজেও বামুণ ল’ৰা কিন্তু মই সাধাৰণভাৱেই জীয়াই থাকো। মই কাৰ্বিৰ লগত কাৰ্বি হৈছো, মিছিংৰ লগত মিছিং, বড়োৰ লগত বড়ো হৈ পৰিছো। মই কাষ্টলেছ এখন অসম বিচাৰো।” সমান্তৰালকৈ জুবিন গাৰ্গে তেওঁৰ বিৰুদ্ধে চচিয়েল মিডিয়াত কৰা কিছু মন্তব্যক উদ্দেশ্যি কয় যে তেওঁ যদি ভাল কাম কৰিছে মানুহে তেওঁৰ সাংঘাতিকভাৱে প্ৰশংসা কৰিছে; তেওঁ যদি কিবা বেয়া কৰিছে তেনেহ’লে তেওঁক বেয়াকৈ কোৱাটোও স্বাভাবিক।

ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিলে জুবিনেঃ 1
ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিলে জুবিনেঃ 2


বহুত গায়কে সুৰাপান কৰে আৰু যোৱা ২-৩ বছৰে এই সুৰা পান কৰাৰ পৰা নিজক বহুত কণ্ট্ৰল কৰিছে বুলি গায়ক গৰাকীয়ে জনোৱাৰ লগতে ৩ দিন ধৰি অহৰহ কাম কৰি থকাৰ ফলত সেইদিনা ভাগৰি পৰিছিল বুলিও জুবিনে জানিবলৈ দিয়ে। ইয়াৰ লগতে তেওঁ কয় যে হিন্দী ভাষাক তথা হিন্দী গানক কোনোদিন বেয়া নাপায় কিন্তু সেইদিনাৰ সাংস্কৃতিক অনুষ্ঠানত তেওঁৰ হিন্দী গাবলৈ মন নাছিল বাবেই তেওঁ গোৱা নাছিল।

ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিলে জুবিনেঃ 3


জনসাধাৰণৰ প্ৰতি বহুতো দায়বদ্ধতা থকাৰ কথা স্বীকাৰ কৰে জুবিন গাৰ্গে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.