Rupaliparda.com

হলীউড পৰিচালক ক্ৰিষ্ট’ফাৰ নলেনৰ জন্মদিনঃ

এগৰাকী হলীউডৰ পৰিচালক; যাৰ ছবিয়ে চিনেমা জগতৰ একঘেয়ামীতা আঁতৰাই বেলেগ এটা পৰিৱেশৰ সৃষ্টি কৰি পেলাইছিল। ৩০ জুলাই তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী পৰিচালকে দৰ্শনাশাস্ত্ৰ, সামাজিক বিজ্ঞান, নীতিপূৰ্বক অৱধাৰণা, মানৱীয়তাৰ সন্ধান তথা কাল আৰু ব্যক্তিৰ স্মৃতি-বিস্মৃতিৰ আদিৰ ওপৰত কেন্দ্ৰ কৰি ছবি নিৰ্মাণ কৰিছিল। এওঁৰ নাম হৈছে ক্ৰিষ্ট’ফাৰ নলেন।

হলীউড পৰিচালক ক্ৰিষ্ট'ফাৰ নলেনৰ জন্মদিনঃ 1


তেওঁৰ দ্বাৰা নিৰ্মিত প্ৰথমখন চিনেমা হৈছে “ফলইংগ”। কম টকীয়া বাজেটৰ সৈতে নিৰ্মিত হ’লেও ছবিখনে মুক্তি লাভ কৰাৰ পিছত দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। এগৰাকী যুৱ লেখকৰ ওপৰত আধাৰিত এই ছবিখনে দৰ্শকক ছবিগৃহলৈ টানিছিল।

হলীউড পৰিচালক ক্ৰিষ্ট'ফাৰ নলেনৰ জন্মদিনঃ 2


“ডা ডাৰ্ক নাইট”, “প্ৰেষ্টিজ”, “ইণ্টাৰষ্টেলৰ”, “ইনচমনিয়া” আৰু “ইনচেপচন” আদি ছবিৰ পৰিচালনা কৰা ক্ৰিষ্ট’ফাৰৰ চাহৰ প্ৰতি এক বিশেষ টান আছে। তেওঁ য’তেই নাযাওঁক কিয় তেওঁৰ লগত চাহৰ ফ্লাস্ক এটা সদায় থাকে। তেওঁ নিজৰ কামৰ প্ৰতিও সদায় সক্ৰিয় হৈ থাকে। নলেনে যেতিয়া নিজৰ “স্ক্ৰিপ্ত” কোনো অভিনেতাক পঢ়িবলৈ দিয়ে তেতিয়া সেই সময়ছোৱাত কোনো অইন ব্যক্তিৰ হাতলৈ যাতে স্ক্ৰিপ্ত খন নাযায় তাৰ বাবে তেওঁ তাত নিজেই উপস্থিত থাকে।

হলীউড পৰিচালক ক্ৰিষ্ট'ফাৰ নলেনৰ জন্মদিনঃ 3
হলীউড পৰিচালক ক্ৰিষ্ট'ফাৰ নলেনৰ জন্মদিনঃ 4


তেওঁৰ আটাইতকৈ উল্লেখযোগ্য ছবিখন হৈছে “ইনচেপচন” ; যাৰ কাহিনীভাগত সপোনৰ ভিতৰত সপোন থাকে। ২০১৬ বৰ্ষত ক্ৰিষ্ট’ফাৰৰ দ্বাৰা পৰিচালিত “মেমেণ্ট”, “ডা ডাৰ্ক নাইট”, আৰু “ইনচেপচন”-এ একবিংশ শতিকাৰ বি.বি.চি ৰ ১০০খন “গ্ৰেট চিনেমা” ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়।

হলীউড পৰিচালক ক্ৰিষ্ট'ফাৰ নলেনৰ জন্মদিনঃ 5


উল্লেখ্য যে, তেওঁৰ আহিবলগীয়া ছবি “টেনেট” ত বলীউড অভিনেত্ৰী ডিম্পল কপাডিয়াকো দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform