Rupaliparda.com

“পিংক” ছবিখনৰে হৃদয় জিনা অনিৰুদ্ধ ৰয় চৌধুৰীঃ

“পিংক” ছবিখনৰে বলীউড ক্ষেত্ৰখনৰ লগতে দৰ্শকৰ হৃদয় জিনা পৰিচালক অনিৰুদ্ধ ৰয় চৌধুৰীৰ জন্মদিন উপলক্ষে ৰূপালী পৰ্দাৰ ফালৰ পৰা তেওঁক জনাইছো অশেষ শুভকামনা।

"পিংক" ছবিখনৰে হৃদয় জিনা অনিৰুদ্ধ ৰয় চৌধুৰীঃ 1


তেওঁৰ দ্বাৰা বাংলা ভাষাত পৰিচালিত ছবি “অন্তহীন”-এ (২০০৮) ৰ নেশ্বনেল ফিল্ম এৱাৰ্ডৰ “বেষ্ট ফিল্ম” ৰ বঁটা পাবলৈ সক্ষম হয়। ইয়াৰ পোনে পোনে, এখন কৰ্টৰুম ড্ৰামাৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত ছবি “পিংক” এ বলীউডত এসপ্তাহত লাভ কৰিছিল ৫০ কোটিকৈ টকা। বিগ বি অমিতাভ বচ্চন আৰু তাপসি পান্নুৰ দ্বাৰা অভিনীত ছবিখনে দৰ্শকক বাৰুকৈয়ে টানিছিল।

"পিংক" ছবিখনৰে হৃদয় জিনা অনিৰুদ্ধ ৰয় চৌধুৰীঃ 2


অনিৰুদ্ধ ৰয় চৌধুৰীৰ দ্বাৰা পৰিচালিত “পিংক” ছবিখনৰ “No means No” ডায়লগটোৱে বিশেষভাৱে প্ৰাধান্য লাভ কৰিছিল। যুৱ প্ৰজন্মই এজনে আনজনৰ প্ৰতি আকৃষ্ট হোৱাটো ডাঙৰ কথা নহয়; কিন্তু তেনে আকৃষ্টৰ পৰা যেতিয়া কোনো পুৰুষে নাৰীৰ শ্লীলতা হানি কৰে সেইটোহে পৰিচালক গৰাকীয়ে সহ্য নকৰো বুলি মন্তব্য কৰে।

"পিংক" ছবিখনৰে হৃদয় জিনা অনিৰুদ্ধ ৰয় চৌধুৰীঃ 3


তেওঁৰ দ্বাৰা পৰিচালিত আন কেইখনমান বাংলা ছবি হৈছে অনুৰানন,অন্তহীন, একটি তৰাৰ খঞ্জে, অপৰাজিতা তুমি, বুন হান্স।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.