মিডিয়াৰ হেডলাইনকে ধৰি সমগ্ৰ অসমত আকৌ এবাৰ চৰ্চা লাভ কৰিলে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। GMCH অডিত’ৰিয়ামৰ সাংস্কৃতিক অনুষ্ঠানত জুবিনে কৰা কিছু মন্তব্যই তোলপাৰ লগাইছে এতিয়া সাংস্কৃতিক মহলত। হাৰ্টথ্ৰৱ গৰাকীয়ে বলীউড ক্ষেত্ৰখনক অমান্য কৰাৰ লগতে কয় যে, “বলীউড ক্ষেত্ৰখনে যোৱা ৫ টা বছৰে পূৰণা গানৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে।” ইয়াৰ লগতে জুবিনে তেওঁৰ আহিবলগীয়া চিনেমা “কাঞ্চনজংঘা” ক প্ৰম’ট কৰাৰ লগতে দৰ্শকে “কাঞ্চনজংঘা” নাচালে বেছিকৈ মদ্যপান কৰিম বুলিও মন্তব্য কৰে। হাৰ্টথ্ৰৱ গৰাকীয়ে ৩ ঘণ্টা মদ খাই ১৮ ঘণ্টা “কাঞ্চনজংঘা” ৰ কাম কৰাৰ পিছতো ভাগৰি নোযোৱাৰ আশ্বাস দিয়াৰ লগতে হিন্দীৰ সলনি আজি-কালি ইংৰাজী গান গাওঁ বুলি দৰ্শকক জানিবলৈ দিয়ে।

“মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। মই কাঞ্চনজংঘা। মই বামুণ হৈও লগুন চিঙি দিলো। এতিয়া মাত্ৰ সকলো ফালে কাঞ্চনজংঘা” বুলি কয় জুবিন গাৰ্গে নিজৰ অনুষ্ঠান আগবঢ়ায়।

কিন্তু বামুণ হৈও লগুণ চিঙাৰ কথা দৰ্শকৰ মাজত জুবিন গাৰ্গে এনেদৰে কোৱাৰ ফলত এতিয়া বহু সংখ্যক লোকে তেওঁক গৰিহণা দিয়াৰ লগতে গায়ক গৰাকীয়ে নিজৰ অস্তিত্ব হেৰুওৱাই দিয়া বুলিও মন্তব্য কৰে।
Add comment