“এংগ্ৰি বাৰ্ড ২” ৰ হিন্দী সংস্কৰণত এইবাৰ নিজ কণ্ঠ ব্যৱহাৰ কৰিব তিনিগৰাকী কমেডিৰ সৈতে জড়িত শিল্পীয়ে। অভিনয়ৰ ক্ষেত্ৰখনতো তেওঁলোক জড়িত। কপিল শৰ্মাৰ লগতে অৰ্চনা পুৰণ সিং আৰু কীকু সাৰদাই “এংগ্ৰি বাৰ্ড” ৰ চৰিত্ৰ তিনিটাত নিজ কণ্ঠ দিব। “এংগ্ৰি বাৰ্ড” এটা জনপ্ৰিয় খেল আৰু এই খেলৰ আধাৰত নিৰ্মিত ছবিখনৰ প্ৰথম সংস্কৰণে ২০১৬ চনত দৰ্শকৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল।


উক্ত চিনেমাখনত “ৰেড” ৰ চৰিতত্ৰ কপিলে তথা অৰ্চনা পুৰণ সিংহ আৰু কীকুয়ে ক্ৰমে জেটা আৰু লিঅ’নাৰ্ড চৰিত্ৰটোত নিজ কণ্ঠ দিব। “ডা লায়ন কিং” ৰ সফলতাৰ পিছত “এংগ্ৰি বাৰ্ড-২” কো দৰ্শকে সমানে আকোঁৱালি ল’ব বুলি ক’ব পৰা যায়।

অহা ২৩ আগষ্ট তাৰিখে চনী এণ্টাৰটেইনমেণ্টৰ দ্বাৰা মুক্তি পাবলগীয়া এই ছবিখন তামিল, হিন্দী, তেলেগু আৰু ইংৰাজী ভাষাত সমগ্ৰ ভাৰতবৰ্ষত মুক্তি লাভ কৰিব। ছবিখনৰ তিনিওটা চৰিত্ৰত নিজ কণ্ঠ দিবলৈ পায় চাৰিওগৰাকী অভিনেতা ও কমেডিয়ান সুখী হোৱাৰ লগতে তেওঁলোকৰ চচিয়েল মিডিয়া একাউণ্টত এই বিষয়ক কিছু পোষ্ট শ্বেয়াৰ কৰিও দৰ্শকৰ মন টানে।

Add comment