Rupaliparda.com

“ধাকড়” এন্ট্ৰি কংকনাৰঃ

ভাল-বেয়া কিছু মিশ্ৰিত সমালোচনাৰে সাঙুৰ খাই থাকে বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী কংকনা ৰাণাৱট। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত তেওঁৰ ছবি “জৰ্জমেণ্টেল হে ক্যা” ৰ বিবাদৰ পৰা বাহিৰ ওলাবলৈ নৌপাওঁতেই আকৌ মিডিয়াৰ চকু পৰিছে অভিনেত্ৰী গৰাকীৰ ওপৰত। আছলতে, এইবাৰ কোনো তৰ্ক-বিতৰ্কৰ বাবে নহয়; অভিনেত্ৰীগৰাকীয়ে চৰ্চা লাভ কৰিছে তেওঁৰ আহিবলগীয়া ছবি “ধাকড়” ৰ বাবেহে।

"ধাকড়" এন্ট্ৰি কংকনাৰঃ 1


কিন্তু এইখিনিতে মন কৰিবলগীয়া যে, উক্ত ছবিখনৰ টিজাৰ মুক্তিৰ কেইটামান মিনিটৰ পিছতেই ইউটিউবৰ পৰা উক্ত টিজাৰটি ডিলিট কৰি দিয়া হয়। ডিলিট কৰি দিয়া কথাটোক লৈ বৰ্তমানেও ছবিখনৰ কৰ্মকতা সকলে কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই।

"ধাকড়" এন্ট্ৰি কংকনাৰঃ 2


ইউটিউবৰ পৰা ইয়াক আঁতৰাই দিয়া হ’ল যদিও চচিয়েল মিডিয়াত “টিজাৰ” টো উপলদ্ধ। ৪৫ ছেকেণ্ডৰ এই টিজাৰটোত কংকনা ৰাণাৱটক এক অন্য ৰূপত দেখিবলৈ পোৱা গৈছে। একচন সমৃদ্ধ এই টিজাৰটোত কংকনাই “গালি” দিয়াৰো কিছু দৃশ্য দেখিবলৈ পোৱা গৈছে।


অভিনেত্ৰী কংকনাই নিজৰ প্ৰত্যকখন ছবিতেই নতুনত্ব কঢ়িয়াই আনে। গতিকে তেওঁৰ আহিবলগীয়া ছবি “ধাকড়” ৰেও যে দৰ্শকৰ হৃদয়ত ধাকড়ৰ সৃষ্টি কৰিব সেয়া প্ৰায় নিশ্চিত। ছবিখনত ভাৰতৰ লগতে বিদেশৰো বহুতো একচনৰ দৃশ্য উপভোগ কৰিব পাৰিব দৰ্শকে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.