৯০ দশকৰ জনপ্ৰিয় অভিনেতাৰ ভিতৰত সুনীল চেট্টিৰ নাম ল’ব পৰা যায়। নিজৰ ৫৮ সংখ্যক জন্মদিন উদযাপন কৰা এই গৰাকী অভিনেতাই চলচিত্ৰ জগতত ভৰি দিয়াৰ পূৰ্বেই নিজৰ ব’ডি ৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল। এজন অভিনেতাৰ লগতে তেওঁক এগৰাকী সফল বিজনেছমেন বুলিও ক’ব পৰা যায়। মুম্বাইৰ লগতে দক্ষিণত তেওঁৰ নামত ৰেষ্টুৰেণ্ট আছে। ইয়াৰ উপৰিও সুনীল চেট্টি ওৰফে আন্না বুটীক আৰু এটা পপকৰ্ণ প্ৰডাকচন হাউচৰো মালিক হয়।


ফটোশ্বুট ৰ বাবেই তেওঁ প্ৰথমখন ছবি “বলৱান” ৰ অফাৰ পাইছিল। কিন্তু, প্ৰথমতে সেইটো সময়ৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে তেওঁৰ সৈতে কাম কৰিবলৈ অমান্তি হোৱাত দিব্যা ভাৰতীয়ে ছবিখনত কাম কৰে। প্ৰথম ছবিখনতেই তেওঁ নিজৰ ব’ডিৰে দৰ্শকৰ মন টানিছিল। তেওঁৰ দ্বিতীয়খন ছবি “ৱক্ট হমাৰা হে” ৰ সমান্তৰালকৈ প্ৰায় ৩০ খন ছবি একেলেঠাৰিয়ে চাইন কৰিছিল।


“মোহৰ”, “দিলৱৰ”, “ধড়কন”, “বৰ্ডাৰ” আদি উল্লেখযোগ্য ছবিকে ধৰি আন্নাই প্ৰায় ১২০ খন ছবিত অভিনয় কৰিছে। উল্লেখ্য যে, ৫৮ বছৰ বয়সতো তেওঁ নিজ ব’ডিৰ প্ৰতি সচেতন। ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ শৰীৰক দেখুৱাই নিতৌ একোখন ফটো তেওঁ আপলোড কৰে। চাওঁচোন আহক তেওঁৰ এনে কিছু ফটো-



Add comment