Rupaliparda.com

পাকিস্তানত সংগীত পৰিৱেশন কৰি সংকটত মিক্কাঃ

ভাৰতত পুনৰ গান গাব নোৱাৰিব জনপ্ৰিয় গায়ক মিক্কা সিঙে। মিক্কাৰ অনুৰাগীয়ে আৰু শুনিবলৈ নাপাব তেওঁৰ কণ্ঠ। কিছুদিন পূৰ্বে আৰ্টিকেল ৩৭০ সংবিধানৰ পৰা আঁতৰাই দিয়াৰ ফলত পাকিস্তানে ভাৰতৰ সকলো বস্তুৰ লগতে ভাৰতৰ ছবিসমূহকো বেন্ কৰে। কিন্তু, যোৱা ৮ আগষ্টত মিক্কা সিঙে পাকিস্তানৰ কৰাছীস্থিত জনৰল মুছৰফৰৰ আত্মীয়ৰ বিয়ালৈ গৈ শ্ব’ এটিত সংগীত পৰিৱেশন কৰে।


তাৰ পিছৰ পৰাই চচিয়েল মিডিয়াত গায়ক গৰাকীয়ে সন্মুখীন হ’বলগীয়া হৈছিল নানান ট্ৰ’লযুক্ত কথাৰো। কথাবোৰ ইয়াতেই সমাপ্ত নহয়; মিক্কা সিং ক অ’ল ইণ্ডিয়া চিনে ৱৰ্কাৰ এছচিয়েচন চমুকৈ AICWA য়ে ভাৰতত সংগীত পৰিৱেশন কৰাৰ পৰা বেন কৰি দিয়ে। কেৱল এয়াই নহয়, মিক্কাৰ লগত যদিহে ভাৰতৰ কোনো সংগীতকাৰে কোনো ধৰণৰ সংগীত পৰিৱেশন কৰে তেতিয়াহ’লে তেওঁয়ো আইনৰ ওচৰত দায়ী হ’ব বুলিও এটি পষ্টৰ যোগেৰে প্ৰকাশ কৰে।

পাকিস্তানত সংগীত পৰিৱেশন কৰি সংকটত মিক্কাঃ 1

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.