ছবি প্ৰেমী সকললৈ সুখবৰ।চলিত বৰ্ষত আটাইতকৈ ডাঙৰ ছবি সমাৰোহ “ট’ৰোন্টো ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল” আহি আছে। জানিব পৰা মতে, এইবাৰৰ এই সমাৰোহ খনিত প্ৰদৰ্শন কৰা হ’ব চাৰিখন ইণ্ডিয়ান ফিছাৰ ফিল্ম; য’ত তাৰেই ৩খন ছবিৰেই ৱ’ৰ্ল্ড প্ৰিমিয়াৰ কৰা হ’ব। ছবিকেইখন হ’ল-

১. বোম্বে ৰোজ-

গীতাঞ্জলী ৰাওঁৰ দ্বাৰা পৰিচালিত এই ছবিখন এটা প্ৰেম কাহিনীৰ ওপৰত আধাৰিত। এই ছবিখন ৩৪ তম “ভেনিছ ইণ্টাৰনেশ্বনেল ফিল্ম কৃটিক” সপ্তাহত প্ৰদৰ্শনৰ বাবে নিৰ্বাচন কৰা হৈছিল। দুগৰাকী ফুল বেপাৰীৰ প্ৰেম কাহিনীৰ সৈতে তেওঁলোকৰ বোম্বে চহৰ খনৰ নতুনত্ব বোৰ বিচাৰা আদি কিছু পৰিস্থিতিক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ কৰা হৈছে।
২. জালিকাট্টুঃ

লিজ’ জছ্ পেলিচ্চেৰিৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ ৱ’ৰ্ল্ড প্ৰিমিয়াৰ কৰা হ’ব উক্ত সমাৰোহখনিত। কেৰালাস্থিত এখন ভিতৰুৱা গাঁৱৰ এটা ম’হে কেনেদৰে চুড়ান্ত হিংসা আৰু অৰাজকতাৰ ফলত পলায়ন কৰে; তাকেই প্ৰদৰ্শিত কৰা হৈছে চিনেমাখনৰ কাহিনীভাগত।
৩.মুথুন (ডা এলদাৰ ওৱান)

অভিনেতা ও পৰিচালক গীতু মহানদাস; যাৰ “লায়াৰ ডাইচ” ছবিখনে যোৱা ২০১৪ চনত অস্কাৰত যাবলৈ সুবিধা পাইছিল। তেওঁৰ ছবি “মুথুন” ৰ এইবাৰ ৱৰ্ল্ড প্ৰিমিয়াৰ কৰা হ’ব এই সমাৰোহখনত। ছবিখন এহাল ভাতৃ-ভগ্নীৰ ওপৰত আধাৰিত; যিয়ে লক্ষ্যদ্বীপৰ পৰা মুম্বাই চহৰলৈ পলায় আহে। উক্ত ছবিখনৰ হিন্দী সংলাপসমূহ লিখিছে অনুৰাগ কাশ্যপে।
৪. ডা স্কাই ইজ পিংক-

প্ৰিয়ংকা চোপ্ৰা, ফৰহান আখতাৰ, আৰু জাইৰা ৱসীম অভিনীত এই ছবিখন এগৰাকী প্ৰেৰণাদায়ক বক্তা আইশা চৌধৰীৰ জীৱনৰ ওপৰত আধাৰিত। সোনালী বসৰ দ্বাৰা পৰিচালিত এই ছবিখন ১১ অক্টোবৰ ছবিগৃহলৈ আহিব।
Add comment