কিছুদিন পূৰ্বে মোদী চৰকাৰে কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ আঁতৰাই দিছিল। উক্ত বিষয়টোয়ে সমগ্ৰ ৰাজ্যতে চৰ্চা লাভ কৰাৰ লগতে ইয়াক লৈ নিৰ্মাণ হ’বলগীয়া চিনেমাৰ জো-যা কৰা বুলিও শুনিবলৈ পোৱা গৈছে। এইখিনিতে, প্ৰশ্ন হয় ছবিখনত বাৰু থাকিব কোন?? অক্ষয় কুমাৰ নে জন আব্ৰাহাম?

উক্ত দুয়োজন অভিনেতাৰ নাম এইবাবেই লোৱা হৈছে কাৰণ এই অভিনেতা দুগৰাকীয়ে বহুকেইখন সঁচা ঘটনাৰ ওপৰত আধাৰিত ছবিত অভিনয় কৰি দৰ্শকক আমোদ প্ৰদান কৰি আহিছে। গতিকে, ৩৭০ অনুচ্ছেদৰ এই সমগ্ৰ কাহিনীটোক লৈ এতিয়া কোনে অভিনয় কৰিব সেয়া দৰ্শকৰ বাবে চৰ্চাৰ বিষয়ে হয় পৰিছে।

এটা সাক্ষাৎকাৰত যেতিয়া এই বিষয়টোক লৈ অক্ষয় কুমাৰক প্ৰশ্ন কৰা হৈছিল তেতিয়া অভিনেতা গৰাকীয়ে কৈছিল যে তেওঁলোকৰ মাজত “টছ” কৰা হৈছিল আৰু জন আব্ৰাহাম জিকিছিল। ফলত, ৩৭০ অনুচ্ছেদৰ ওপৰত হ’বলগীয়া ছবিত অভিনয় কৰিব জনে। আৰু, ইয়াকে কয় তেওঁ পুনৰ হাঁহি ৰৈছিল।

এয়াটো আছিল, চলচিত্ৰ জগতৰ কথা। কিন্তু, আমি জানিব বিচাৰিম আপোনালোকে কাক বিচাৰিব “আৰ্টিকেল ৩৭০” ত?? কমেণ্ট কৰক আৰু আমাক জনাওঁক আপোনাৰ বাবে কোন হ’ব “হিৰো”??
Add comment