Rupaliparda.com

“ফিকৰ-নট” হ’বলৈ কৈছে “ছিছৰে” দলে-

শ্ৰদ্ধা কাপুৰ আৰু সুশান্ত সিং ৰাজপুত অভিনীত আহিবলগীয়া ছবি “ছিছৰে” ৰ প্ৰথমটো গীত “ফিকাৰ নট”-এ ইতিমধ্যে মুক্তি লাভ কৰিলে। গীতটিয়ে প্ৰত্যকজন দৰ্শকক নিজৰ কলেজীয়া দিনলৈ উভতাই নিয়াৰ লগতে দৰ্শকক নাচিবলৈও বাধ্য কৰি পেলাইছে। চচিয়েল মিডিয়াত খলকনি লগোৱাৰ উপৰিও ইউটিউবত গীতটিক এতিয়ালৈ ১ কোটিতকৈ অধিক বাৰ চোৱা হৈছে।


উক্ত “ফিকৰ নট” গীতটিয়ে দৰ্শকক শান্তিত জীৱন জীয়াবলৈ শিকাব। গীতটিৰ কথা আৰু সুৰ আদিয়েও দৰ্শকক আকৰ্ষণ কৰি পেলাইছে। ইয়াৰ পৰিৱৰ্তে, গীতটিত শ্ৰদ্ধা,সুশান্তৰ সৈতে প্ৰতীক বব্বৰ, বৰুণ শৰ্মা তাহিৰ ৰজ ভসীন, নৱীন পোলীহট্টী আৰু নলনেশ নীলেও নিজৰ “ডান্স ষ্টেপ” দৰ্শকৰ আগত প্ৰদৰ্শন কৰিছে।

"ফিকৰ-নট" হ'বলৈ কৈছে "ছিছৰে" দলে- 1


নীতেশ তিৱাৰীৰ দ্বাৰা এই ছবি চলিত বৰ্ষৰ ৬ ছেপ্তেম্বৰ তাৰিখে মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.