ৱেব চিৰিজৰ লগতে মিউজিক ভিডিঅ’ সমূহতো চলচিত্ৰ জগতৰ তাৰকা সকলক দেখিবলৈ পোৱা গৈছে। অথবা ক’ব পাৰি যে, এই ৱেব চিৰিজ বা মিউজিক ভিডিঅ” ই শিল্পী সকলক আকৰ্ষিত কৰিছে। এনে পৰিপ্ৰেক্ষিততে, কিছুদিন পূৰ্বে আলিয়া ভাটৰ এটা মিউজিক ভিডিঅ’ “প্ৰাডা” ই মুক্তি লাভ কৰিছিল । মুক্তিৰ পিছতেই ভিডিঅ’টিৰ চৰ্চাই চচিয়েল মিডিয়াত তোলপাৰ লগাই পেলাইছিল।
ঠিক তেনেদৰে, এইবাৰ এটি মিউজিক ভিডিঅ’ ত দেখিবলৈ পোৱা যাব অভিনেতা বিকি কৌশলক। “পচ্ছতাওগে” শীৰ্ষক গীতটিত অভিনয় কৰিব বিকিয়ে। উক্ত গীতটিত কণ্ঠদান কৰিছে অৰিজিৎ সীঙে। লগতে, অৰবিন্দৰ খেৰাৰ দ্বাৰা পৰিচালিত এই গীতটিত বিকি কৌশলৰ সৈতে দেখিবলৈ পোৱা যাব নৰা ফাটেহীক। জুন মাহত দৃশ্যগ্ৰহণ কাম সম্পন্ন হোৱা গীতটিৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পষ্টাৰে মুক্তি লাভ কৰিছে। পষ্টাৰখনত প্ৰদৰ্শিত কৰা দুয়োগৰাকী শিল্পীৰ কেমেষ্ট্ৰীয়ে দৰ্শকক আকৰ্ষণ কৰিছে।

Add comment