মুক্তিৰ প্ৰথম দিনাই কোটিৰ শাৰীত নিজৰ নাম সাব্যস্ত কৰা ছবি “মিছন মংগল” ক লৈ এতিয়া সাংঘাতিক সুখী অভিনেত্ৰী বিদ্যা ৱালন। নিজৰ সুখক দৰ্শকৰ আগত প্ৰকাশ কৰিবলৈ তেওঁ অভিনেতা অক্ষয় কুমাৰৰ সৈতে এটা ভিডিঅ প্ৰস্তুত কৰি চচিয়েল মিডিয়াত আপলোড কৰে। ভিডিঅ’ টোত নিজৰ সুখ ব্যক্ত কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে, “আপুনি যেতিয়া সুখী হয় আৰু আপুনি এই কথাটো যেতিয়া জানে তেতিয়া তাতকৈ সুখ আৰু একো নাই।” লগতে অভিনেত্ৰী গৰাকীয়ে তেওঁৰ ছবি “মিছন মংগল” সমগ্ৰ টীমক ধন্যবাদ জ্ঞাপন কৰে। চাওঁচোন আহক তেওঁৰ এই ভিডিঅ’টি-

Add comment