Rupaliparda.com

“হায়েষ্ট পেইড এক্টেৰ্স” ৰ তালিকাত নাই কোনো বলীউড অভিনেত্ৰীঃ

মুকলি কৰা হ’ল ফ’বৰ্সৰ তালিকা। “হায়েষ্ট পেইড এক্টেৰ্স” ৰ তালিকাত নাই কোনো বলীউড অভিনেত্ৰীৰ নাম। ২০১৯ চনৰ ফ’বৰ্স ডট কমৰ দ্বাৰা প্ৰদান কৰা তালিকাখনত নাই কোনো বলীউড অভিনেত্ৰী; ২০১৬ চনত উক্ত তালিকাত দীপিকা পাডুকনে দশম স্থান লাভ কৰিছিল যদিও এইবাৰ তেওঁৰ নাম দেখা পোৱা হোৱা নাই। লগতে, আন্তঃৰাষ্ট্ৰীয় শিল্পী খ্যাত প্ৰিয়ংকা চোপ্ৰাৰো নাম নাই এই তালিকাখনত।

"হায়েষ্ট পেইড এক্টেৰ্স" ৰ তালিকাত নাই কোনো বলীউড অভিনেত্ৰীঃ 1
"হায়েষ্ট পেইড এক্টেৰ্স" ৰ তালিকাত নাই কোনো বলীউড অভিনেত্ৰীঃ 2


আকৌ এবাৰ হলীউডৰ তাৰকা স্কাৰ্লেট জোহানসনে “হায়েষ্ট পেইড এক্ট্ৰেৰ্স” ৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিছে। ফ’বৰ্স অনুসৰি, তেওঁৰ বছৰি উপাৰ্জন ৫৬ মিলিয়ন ডলাৰ অৰ্থাৎ ৪০০ কোটি টকা। ইয়াৰ পিছত দ্বিতীয় স্থান লাভ কৰিছে ছোফিয়া বৰগাৰাই। তেওঁৰ উপাৰ্জন হৈছে ৪১.১ মিলিয়ন ডলাৰ অৰ্থাৎ আনুমানিক ২৯৪ কোটি টকা।

"হায়েষ্ট পেইড এক্টেৰ্স" ৰ তালিকাত নাই কোনো বলীউড অভিনেত্ৰীঃ 3
"হায়েষ্ট পেইড এক্টেৰ্স" ৰ তালিকাত নাই কোনো বলীউড অভিনেত্ৰীঃ 4


উল্লেখ্য যে, ফ’বৰ্সে ১জুন ২০১৮ ৰ পৰা আৰম্ভ কৰি ১ জুন ২০১৯ ৰ আধাৰত গণনা কৰি উক্ত তালিকাখন মুকলি কৰিছিল।

Add comment

Leave a Reply