আয়ূসমান খুৰানাক এইবাৰ দেখা যাব তপা মানুহৰ ৰূপত। কিছুদিন পূৰ্বে “বেষ্ট এক্টৰ” ৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা আয়ূসমান খুৰানাই প্ৰত্যেখন ছবিত নিজৰ লুকৰ দ্বাৰা দৰ্শকক আচম্বিত কৰিবলৈ সক্ষম হৈছে। “ড্ৰীম গাৰ্ল” ৰ ট্ৰেইলাৰৰ পিছত তেওঁৰ অন্য এখন ছবি “বালা” ৰ টিজাৰো ইতিমধ্যে মুক্তি লাভ কৰিছে।

৫৭ ছেকেণ্ডৰ উক্ত টিজাৰটোৱে দৰ্শকক আমোদ প্ৰদান কৰাৰ লগতে আয়ূসমান খুৰানাৰ এই লুকটোৱে আচম্বিতও কৰি তুলিছে। “বালা” ছবিখনত আয়ূসমান খুৰানাৰ লগতে দেখিবলৈ পোৱা যাব ভূমি পাডনেকাৰ আৰু য়ামী গৌতমক। চলিত বৰ্ষৰ ১২ নৱেম্বৰ তাৰিখে মুক্তি পাব এই ছবিখন।
Add comment