ৰাখী সাৱন্ত হৈছে বলীউডৰ এনে এগৰাকী অভিনেত্ৰী; যাৰ কিবা নহয় কিবা খবৰে দিনটোত বাতৰিৰ শিৰোনাম দখল কৰিবই। কিন্তু এইবাৰ ৰাখী খবৰ নহয়; ৰাখীৰ লগত জড়িত ও ৰাখীৰ বন্ধু দীপক কলালেহে শিৰোনাম দখল কৰিছে।

কিছুদিন পূৰ্বে ৰাখী সাৱন্তে নিজৰ বিবাহৰ ফটো আপলোড কৰা অথবা ৰাখীৰ বিবাহক লৈ সুখী নাছিল দীপক কলাল। তেওঁ ৰাখীৰ লগতে অভিনেত্ৰী গৰাকীৰ স্বামীকো এটি ভিডিঅ’ ৰ যোগেৰে কটু বাক্য শুনায়। ইয়াতেই শান্ত নহয় দীপক কলালে ৰাখীক গণি গণি দিয়া ৪কোটি টকা ঘূৰাই দিয়াৰ ধমকো দিয়ে।
ফলত, ৰাখীৰ ননদে এয়া সহ্য কৰিব নোৱাৰি দীপক কলালৰ ওচৰ পাই আৰু তেওঁক চুলিত ধৰি গালত চৰ সোধায়। উক্ত ভিডিঅ’টি আকৌ দীপকে নিজ ইনষ্টাগ্ৰাম পেজত আপলোড কৰে।
Add comment