অসমীয়া গায়িকাৰ তালিকাখনত বৰ্তমান দীপলিনা ডেকা হৈছে প্ৰত্যেকজন ডেকাৰ মনৰ ৰাণী। তেওঁৰ হাঁহি অথবা এটা চকুৰ চাঁৱনিয়ে যথেষ্ট; একোজন ডেকাৰ হৃদয় চুই যাবলৈ। নহয়নে? “মিছন চাইনা” ছবিখনত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰাৰে পৰাই গায়িকা গৰাকীৰ অনুৰাগী হৈ পৰিছিল অসংখ্য জন।


এবছৰ আগতে দীপলিনাৰ কন্ঠত “চুই দিয়ানা” গানটো মুকলি পোৱাৰ পিছত দৰ্শকৰ পৰা গানটোৱে লাভ কৰিছিল বৃহৎ সংখ্যাত সমাদৰ। “চুই দিয়ানা” গানটোৰ বৰ্ষপূৰ্তিত গায়িকা গৰাকীয়ে গানটোত দিছে আকৌ এক নতুনত্ব। গুৱাহাটীস্থিত চিটি চেন্টাৰ ম’লৰ ভিতৰত তেওঁ নিজে কৰিঅ’গ্ৰাফ কৰি উক্ত গীতটিত নৃত্য কৰে। বৰ্তমান ইউটিউবত উপলদ্ধ এই ভিডিঅ’টিক ৬০ হাজাৰতকৈও অধিক দৰ্শকে উপভোগ কৰিছে।
Add comment