Rupaliparda.com

কেইবাদিনো আইনাত মুখ চোৱা নাছিল বিদ্যাইঃ কিন্তু কিয়??

বলীউডৰ কেইবাখনো ছবিত নিজৰ দমদাৰ চৰিত্ৰৰে দৰ্শকক আকৰ্ষিত কৰা বিদ্যা বালনে কেইবাদিনলৈ নিজৰ মুখ আইনাত চাবলৈ খোজা নাছিল। বলীউডত কাম কৰাৰ আগেয়ে অভিনেত্ৰী গৰাকীয়ে টলীউডত অভিনয় কৰিবলৈ গৈছিল। কিন্তু তেওঁ তাত প্ৰত্যেক বাৰেই নাকচ হৈ ঘৰলৈ ঘূৰি আহিবলগীয়া হৈছিল।

কেইবাদিনো আইনাত মুখ চোৱা নাছিল বিদ্যাইঃ কিন্তু কিয়?? 1


এটা সাক্ষাৎকাৰ যোগে অভিনেত্ৰী গৰাকীয়ে জনায় যে, “অভিনেত্ৰী” হোৱা সপোন তেওঁৰ বাবে সহজ নাছিল। কেইবাবাৰো পৰিচালক তথা প্ৰযোজকৰ পৰা নাকচ হৈ তেওঁ অশান্তিত ভুগিব লৈছিল।

কেইবাদিনো আইনাত মুখ চোৱা নাছিল বিদ্যাইঃ কিন্তু কিয়?? 2


এবাৰ তেওঁ টলীউডৰ এখন ছবিৰ বাবে অভিনয় কৰি থকা মাজতে তেওঁক ছবিৰ পৰা প্ৰযোজকে ঘূৰাই পঠিয়ায়। দুখ সহিব নোৱাৰি তেওঁৰ পিতৃয়ে প্ৰযোজকগৰাকীক বিদ্যাক উলিয়াই দিয়াৰ কাৰণ সোধাত তেওঁ বিদ্যাৰ অভিনয়ৰ কেইটামান দৃশ্য দেখুৱাই কয় যে, “আপুনি নিজৰ ছোৱালীক চাওঁক, তাইক অভিনেত্ৰীৰ দৰে লাগেনে? মইটো তাইক আগতেই নলওঁ বুলি ভাবিছিলো কিন্তু পৰিচালকৰ বাবেহে।”

কেইবাদিনো আইনাত মুখ চোৱা নাছিল বিদ্যাইঃ কিন্তু কিয়?? 3


এনেধৰণে কেইবাবাৰো নাকচ হোৱাৰ বাবে তেওঁ নিজক আইনাত চাবলৈ বাদ দিয়া বুলি অভিনেত্ৰী গৰাকীয়ে মত পোষণ কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.