Rupaliparda.com
পত্নীক লৈ গৌৰৱ অনুভৱ নিক জোনাসৰঃ 1

পত্নীক লৈ গৌৰৱ অনুভৱ নিক জোনাসৰঃ

যোৱা ৩ টা বছৰৰ অন্তত বলীউডত দেখিবলৈ পোৱা যাব প্ৰিয়ংকা চোপ্ৰাক। বৰ্তমান তেওঁৰ আহিবলগীয়া ছবি “ডা স্কাই ইজ পিংক” ৰ প্ৰমোচনত ব্যস্ত হৈ থকা প্ৰিয়ংকা চোপ্ৰাৰ এই ছবিখনক লৈ উৎসাহী প্ৰায় সংখ্যক দৰ্শক।

পত্নীক লৈ গৌৰৱ অনুভৱ নিক জোনাসৰঃ 2


টৰেন্টো ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হোৱা পিছতেই ছবিখনে লাভ কৰিছিল দৰ্শকৰ বৃহৎ সংখ্যাত সঁহাৰি। দৰ্শকৰ সঁহাৰি লাভ কৰাৰ পিছত এতিয়া অভিনেত্ৰী গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে তেওঁৰ স্বামী নিক জোনাস।


নিক জোনাসে নিজৰ ইনষ্টাগ্ৰাম যোগে কৰা এটি পোষ্টৰ জৰিয়তে প্ৰিয়ংকাৰ প্ৰশংসা কৰে। “ডা স্কাই ইজ পিংক” ছবিখনৰ এখন পোষ্টাৰ আপলোড কৰি কেপছনত নিজ পত্নীক লৈ গৌৰৱ অনুভৱ কৰা বুলি কয় নিকে।

পত্নীক লৈ গৌৰৱ অনুভৱ নিক জোনাসৰঃ 3


ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছে আৰু চলিত মাহৰ ১১ তাৰিখে ছবিখন মুক্তি পাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.