ধূতি পাঞ্জাৱী পৰিধান কৰি ব্যতিক্ৰমী ৰূপত মাজুলী সত্ৰত পাপন অংগৰাগ মহন্ত। ৫০০ বছৰ পূৰণি অসমীয়াৰ আপুৰুগীয়া সম্পদ “বৰগীত” ক পুনৰ বাৰ পাপনে নিজ কন্ঠৰে দৰ্শকৰ মাজলৈ লৈ আনিছে।

যোৱা ৮ অক্টোবৰ তাৰিখে শ্ৰী মন্ত শংকৰদেৱৰ ৫৭১ তম জন্মবাৰ্ষিকীত তেওঁ কন্ঠদান কৰা এই বৰগীতটিৰ ট্ৰেইলাৰ মুক্তি দিয়াৰ কথা আছিল যদিও কোনো কাৰণৱশত তেওঁ দিব পৰা নাছিল। কিন্তু তাৰ এদিন পিছতেই গুৰু দুজনাৰ এই অমূল্য সৃষ্টিত পাপনৰ যি প্ৰয়াস তাৰ এটি সৰু ট্ৰেইলাৰ ফেচবুক যোগে আপলোড কৰে কন্ঠশিল্পী গৰাকীয়ে।

পাপনৰ এই প্ৰকল্পৰ বাবে এতিয়া অপেক্ষাৰত সমূহ অসমবাসী। বহু লোকে পাপন সঁচা অৰ্থত এগৰাকী অসমৰ সন্তান বুলিও মন্তব্য কৰে।
Add comment