কেইবাখনো চুটি ছবিৰ নিৰ্মাতা তথা চলচিত্ৰ সমালোচক উৎপল দত্তৰ এখন উল্লেখযোগ্য চুটি ছবি “বহুবৃত্ত” ই ইতিমধ্যে “ইণ্ডিয়ান পেনেৰোমা এৱাৰ্ডছ ইন গোৱা” ত স্ক্ৰীণিং ৰ বাবে লাভ কৰিছে মনোনয়ন। “বহুবৃত্ত” হৈছে ৯ মিনিট ৩ চেকেণ্ডৰ এখন চুটি ছবি; যাৰ কাহিনীভাগ এটা কবিতাৰ শব্দৰ আশে পাশে বিস্তৃত ভাৱে ঘূৰে।

কবিতাটি হৈছে স্বপ্না দত্ত ডেকাৰ লগতে তেওঁ নিজেই উক্ত কবিতাটিত কন্ঠ দিছে। কবিতাৰ চিন্তাক ছবিখনৰ দৃশ্যত ধৰি ৰখাৰ চেষ্টা কৰা হৈছে আৰু ইয়াক চিত্ৰণত পৰিচালক তথা চিত্ৰগ্ৰহণকাৰী সফল বুলি ইতিমধ্যে ছবিখনক উদ্দেশ্যি বহুলোকে মন্তব্য প্ৰদান কৰিছে।

“বহুবৃত্ত” ৰ মূখ্য চৰিত্ৰত অভিনীত প্ৰণামী বৰাই তেওঁৰ অভিনয়ৰ কৌশলৰে কবিতাটিক আৰু অধিক জীৱন্ত কৰি তুলিছে লগতে ইয়াত সহযোগ কৰা দেখা গৈছে ছবিখনৰ আন এক মূল চৰিত্ৰত অভিনীত উদয়ন দুৱৰাকো।
Add comment