Rupaliparda.com

অৱসৰ লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বিগ বি অমিতাভেঃ

অমিতাভ বচ্চনক এনেয়ে বলীউড ক্ষেত্ৰৰ “মহানায়ক” বুলি কোৱা নহয়; তেওঁৰ কৰ্মৰাজিয়েও তেওঁক এগৰাকী মহানায়কৰ স্থানতেই প্ৰতিষ্ঠিত কৰিছে। চিকিৎসকে অভিনেতা গৰাকীক কাম নকৰাৰ উপদেশ দিছে যদিও তেওঁ নিজ কৰ্মক্ষেত্ৰখন এৰিব পৰা নাই।

অৱসৰ লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বিগ বি অমিতাভেঃ 1


আপোনালোকক জনাই থওঁ যে, বিগ বি অমিতাভ বচ্চন “ব্ৰহ্মাস্ত্ৰ” ৰ বাবে মনালীত উপস্থিত হেছে। যাত্ৰাৰ ভাগৰৰ লগতেই তেওঁ উপস্থিত হোৱা নতুন ঠাইডোখৰৰ লোকৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়। তেওঁ কয় যে মনালীত বহুত সৰল আৰু ন্যায়পৰায়ণ লোক আছে। অভিনেতা অমিতাভে এই মানুহবোৰৰ সৈতে যে সমান হ’ব নোৱাৰে সেই কথাওঁ ব্যক্ত কৰে।

অৱসৰ লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বিগ বি অমিতাভেঃ 2


ইয়াৰ সমান্তৰালকৈ অভিনেতা গৰাকীয়ে কয় যে, “আকৌ এবাৰ এখন নতুন ঠাই, নতুন কোঠাৰ সৈতে মই খাপ খাব লাগিব। মই অৱসৰ লোৱা উচিত; মোৰ মূৰে অইন কিবা কৰি আছে আৰু মোৰ আঙুলিয়ে অইন কিবা। গতিকে এয়া এক বাৰ্তা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.